নিউজ ডেস্কঃ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। তাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মণ্ডাবীয়াই কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য। শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে- দেশৰ ৮৮ শতাংশৰো অধিক ভাৰতীয় প্ৰাপ্তবয়স্ক নাগৰিকক সম্পূৰ্ণ কোভিড ভেকচিন প্ৰদান কৰা হৈছে।

টুইটাৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লিখিছে- ”৮৮ শতাংশৰো অধিক ভাৰতীয় প্ৰাপ্তবয়স্ক নাগৰিকক সম্পূৰ্ণ কোভিড-১৯ ভেকচিন প্ৰদান কৰা হৈছে। অভিনন্দন ভাৰত! টীকাকৰণৰ পাছতো কোভিডৰ নীতি-নিয়মবোৰ মানি চলিব।”

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বৰ্তমানলৈ ভাৰতৰ ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ নাগৰিকসকলৰ ভিতৰত ৫৫,৭০,৬৭,৪৫৯জনক প্ৰথম পালি ভেকচিন, ৪৮,৯৩,১১,৪৫২জনক দ্বিতীয় পালি ভেকচিন আৰু ৭,৫৮,৮২২জন লোকক সাৱধানতাৰ পালি দিয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply