নিউজ ডেস্কঃ আমেৰিকাৰ পেঞ্চিলৱেনিয়াৰ ঘাইপথত দুৰ্ঘটনাত পতিত ইখনৰ পাছত সিখন গাড়ী। তুষাৰপাত হোৱাৰ ফলত ঘাইপথত প্ৰায় ৬০খন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই দুৰ্ঘটনাত তিনি লোক নিহত হয়।
ইফালে, দুৰ্ঘটনাত আন এজন লোক গুৰুতৰভাৱে আহত হৈছে। উল্লেখ্য যে, এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা পোৱা গৈছে যে, ইখনৰ পাছত সিখন বাহন দুৰ্ঘটনাত পতিত হৈছে। তুষাৰপাতৰ ফলত বাহনসমূহে পথৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনাসমূহ সংঘটিত হোৱা স্পষ্টভাৱে পৰিলক্ষিত হৈছে ভিডিঅ’টোত।
আনহাতে, আৰক্ষীয়ে এই সন্দৰ্ভত কয় যে- তুষাৰপাতৰ ফলত পথত একো দেখা পোৱা নাছিল চালকসকলে। যাৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু এই দুৰ্ঘটনাত আহত লোকজনক স্থানীয় হাস্পতালত ভৰ্তি কৰা হৈছে।