নিউজ ডেস্কঃ দেশত কৰোনাই কালৰূপ ধাৰণ কৰিছে।

এফালে দেশত নাটনি হৈছে অক্সিজেনৰ।

দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বহু কেইখন হস্পিতালত অক্সিজেন শেষ হোৱাৰ উপক্ৰম হোৱা বুলি কৈ কেন্দ্ৰক সহায় বিচাৰিছিল।

দিল্লীৰ শোচনীয় কোভিড পৰিস্থিতিৰ বাবে অৰবিন্দ কেজৰিৱালে ৰাজ্যখনত মজুত থকা অক্সিজেন অন্য ৰাজ্যক বিতৰণ বন্ধ কৰি তেওঁলোকক প্ৰদান কৰিবলৈ উচ্চ ন্যায়ালয়ত আৰ্জি পেচ কৰিছিল।

আনকি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই ক্ষেত্ৰত অভিযোগ কৰি কয় যে ৰাজ্যখনৰ মূল অক্সিজেন বিক্ৰেতা ইনোক্সে দিল্লীক নিদি উত্তৰ প্ৰদেশলৈ অক্সিজেন যোগান ধৰি আছে ।

আৰু পঢ়কঃ গুৱাহাটীত ভয়াৱহ ৰূপত সংক্ৰমিত হৈছে কৰোনা

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অক্সিজেন প্লান্টৰ পৰা দিল্লীলৈ অক্সিজেন যোগান ধৰা বাট বন্ধ কৰি ৰাখিছে বুলি অভিযোগ কৰিছিল কেজৰিৱালে।

অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পিছতেই অক্সিজেন লাভ কৰে দিল্লীৰ হস্পিতালসমূহে।

দেশত অক্সিজেনৰ নাটনিৰ পিছত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত হাতত লয়।

ঔদ্যোগিক উদ্দেশ্যত অক্সিজেন যোগানত নিষেধাজ্ঞা আৰোপ কৰে কেন্দ্ৰই।

অতিৰিক্ত উপলব্ধ অক্সিজেন চিকিৎসা সেৱাত ব্যৱহৃত হ’ব বুলি কেন্দ্ৰই ঘোষণা কৰে।

আৰু পঢ়কঃ মে ৰ পৰা কোভিশ্বিল্ড ৬০০ টকা দৰত ব্যক্তিগত চিকিৎসালয়ত

ইফালে আজি দেশৰ আটাইতকৈ বেছি কোভিডত ক্ষতিগ্ৰস্ত ৰাজ্য মহাৰাষ্ট্ৰৰ নাছিকৰ ডঃ জাকিৰ হুছেইন চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ লিক হোৱাৰ ফলত বিষম পৰিস্থিতিৰ সৃষ্টি হয়।

চিলিণ্ডাৰ লিক হোৱাৰ ফলত ৰোগীক যোগান ধৰা অক্সিজেন লাইনত অক্সিজেন নোহোৱা হৈ পৰে।

ফলত ২২ গৰাকী ৰোগীয়ে অক্সিজেনৰ অভাৱত কৰুণ মৃত্যুক সাৱটি লবলগীয়া হয়।

আনহাতে ২৫ গৰাকীৰো অধিক ৰোগী গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply