গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰে মঙ্গলবাৰে পদ্ম বঁটা ঘোষণা কৰাৰ পিছতে পদ্ম সন্মানকলৈ সৃষ্টি হৈছে বিতৰ্ক। বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই পদ্ম সন্মান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতে বংগৰ আন এগৰাকী বিখ্যাত সংগীত শিল্পী সন্ধ্যা মুখাৰ্জীয়েও এই পদ্ম সন্মান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে।
বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই পদ্ম সন্মান অস্বীকাৰ কৰি টুইট কৰাৰ পিছতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে বুদ্ধদেৱৰ সিদ্ধান্তক আদৰণি জনাই নিজ দলৰ নেতা গোলাম নবী আজাদক আক্ৰমণ কৰিছে।
বুদ্ধদেৱ ভট্টাচাৰ্যই পদ্ম সন্মান প্ৰত্যাখ্যান কৰি কৰা টুইট ৰিটুইট কৰি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে লিখিছে- সঠিক পদক্ষেপ লৈছে, তেওঁ গুলাম নহয় মুক্ত হ’ব বিচাৰে।অৱশ্যে, এই বঁটা গ্ৰহণ কৰিব নে নকৰিব সেই বিষয়ে কংগ্ৰেছ নেতা গুলাম নবী আজাদৰ পৰা কোনো সঁহাৰি পোৱা নাই।
আনহাতে বুদ্ধদেৱে কয় যে, পদ্মভুষণ বঁটাৰ বিষয়ে মই একো নাজানো। কোনেও মোক এই বিষয়ে একো কোৱা নাই। যদি তেওঁলোকে মোক পদ্মভূষণ বঁটা দিছে মই ইয়াক প্ৰত্যাখ্যান কৰিছো।
উল্লেখ্য যে, ভাৰত চৰকাৰে অসমৰ দুগৰাকী কীৰ্তিমানলৈ আগবঢ়াইছে পদ্মশ্ৰী সন্মান। বিশিষ্ট সমাজকৰ্মী শকুন্তলা চৌধুৰী আৰু সাহিত্যিক ধনেশ্বৰ ইংতিলৈ ‘পদ্মশ্ৰী’ সন্মান আগবঢ়োৱা হৈছে। বিভিন্ন ক্ষেত্ৰৰ মুঠ ১২৮ গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হৈছে এই বঁটা।
ইয়াৰে ৪ গৰাকীয়ে লাভ কৰিছে পদ্মবিভূষণ, ১৭ গৰাকীয়ে পদ্মভূষণ আৰু ১০৭ গৰাকী ব্যক্তিক দিয়া হৈছে পদ্মশ্ৰী বঁটা।