নিউজ ডেস্কঃ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত সংঘটিত হৈছে এক নৃশংস ঘটনা। নৃত্য-মডেলিঙক কেৰিয়াৰ হিচাপে লোৱাৰ অপৰাধত নিজ ভাতৃয়ে হত্যা কৰিলে নিজৰ ২১ বছৰীয়া ভগ্নীক। নিহত যুৱতীগৰাকীৰ নাম চিদ্ৰা। তেওঁ পাকিস্তানৰ ৰাজধানী লাহোৰৰ পৰা ১৩০ কিলোমিটাৰ দূৰত্বৰ ৰেনালা খুৰ্দ ওকাৰাৰ বাসিন্দা আছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, চিদ্ৰাই পৰিয়ালৰ ইচ্ছাৰ বিপৰীতে এটা স্থানীয় পোছাক কোম্পানীৰ বাবে মডেলিং কৰি আছিল। চিদ্ৰাই ফৈজালাবাদ চহৰত এটা নৃত্যৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল। যিটো তেওঁৰ পৰিয়ালৰ লোকে মানি ল’ব পৰা নাছিল। চিদ্ৰাৰ পিতৃ-মাতৃয়ে বাৰে বাৰে ‘পাৰিবাৰিক পৰম্পৰা’ ধৰি ৰাখিবলৈ দুয়োটা বৃত্তি এৰি দিবলৈ কৈছিল, কিন্তু চিদ্ৰা ইয়াৰ বাবে মান্তি হোৱা নাছিল।

শুকুৰবাৰে চিদ্ৰাৰ নৃত্যৰ ভিডিঅ’ কোনো আত্মীয়ই ভাতৃৰ ম’বাইললৈ প্ৰেৰণ কৰে ফলত এই বিষয়টোক লৈ পুনৰ পৰিয়ালৰ লোকৰ লগত তৰ্কা-তৰ্কি আৰম্ভ হয়। চিদ্ৰাই কোনোপধ্যে তাইৰ নিচা আৰু পেছা নৃত্য-মডেলিঙক এৰিবলৈ মান্তি হোৱা নাছিল। চিদ্ৰা নিজৰ মতত অটল আছিল যাৰ বাবে পৰিয়ালৰ লোকে তাইক প্ৰহাৰো কৰিছিল। শেষত এই বিষয়টোৱে চৰম সীমা অতিক্ৰম কৰে। চিদ্ৰাৰ ভাতৃ হামজাই চিদ্ৰাক গুলীয়াই হত্যা কৰে।
বৰ্তমান আৰক্ষীয়ে চিদ্ৰাৰ ভাতৃক গ্ৰেপ্তাৰ কৰিছে। ভগ্নীক হত্যা কৰাৰ অভিযোগত চিদ্ৰাৰ ভাতৃ হামজাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।