নিউজ ডেস্ক– বিবাহ এক সুমধুৰ অনুষ্ঠান। সকলোৱে বিবাহৰ এই মুহূৰ্ত্তসমূহ স্মৃতিৰ মানসপটত চিৰদিনৰ বাবে সজীৱ কৰি ৰাখিবলৈ হাবিয়াস কৰে।

কিছু কিছু লোকৰ কলাসুলভ মনটোৱে আকৌ এই ক্ষেত্ৰত কিছু ব্যতিক্ৰম ধৰণেৰেও চিন্তা কৰে।

ঠিক এনে এক ব্যতিক্ৰমী ঘটনা ঘটিল পাকিস্থানৰ লাহোৰত। এহাল নৱ বিবাহিতা দম্পতীয়ে নিজৰ বিবাহৰ স্মৃতিসমূহ আৰু অধিক বিশেষ কৰি তুলিবলৈ ফটোশ্বুট কৰিলে এটা সিংহৰ পোৱালীৰ লগত।

পাকিস্থানৰ লাহোৰস্থিত  শ্টুডিঅ’ আফজলত এই ফটোশ্বুট সমূহ কৰিছিল। আফজলে নিজৰ ইনষ্টাগ্ৰাম পেজত ফটোসমূহ শ্বেয়াৰ কৰে আৰু কেপচনত লিখে , ‘SherDiRani’।

কেপচনটো দেখিহে সকলোৱে অনুমান কৰিব পাৰিছে সেইটো এটা সঁচা সিংহৰ পোৱালি। 

লগে লগে ছচিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি হয়। ছচিয়েল মিডিয়াত নৱ বিবাহিতা দম্পতীক নানা জনে বিভিন্ন ট্ৰ’ল কৰিব ধৰিলে। 

ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ প্ৰত্যক্ষ কৰি এজন ছচিয়েল মিডিয়া ব্যবহাৰকাৰীয়ে বন্যপ্ৰাণী সংৰক্ষণ বিভাগক টেগ কৰি অনুৰুধ কৰে যে সিংহৰ পোৱালিটোক যিমান পাৰে সোনকালে উদ্ধাৰ কৰক।

সিংহৰ পোৱালিটোক ড্ৰাগছ দিয়াৰো অভিযোগ উত্থাপন হৈছে। এই খবৰে ছচিয়েল মিডিয়াত ভাইৰেল হ’ব ধৰিলে। 

ইয়াৰ পিছতেই ফটোগ্ৰাফাৰজনে ছচিয়েল মিডিয়াত এটা প’ষ্ট শ্বেয়াৰ কৰি এই সন্দৰ্ভত স্পষ্ট কৰে যে সিংহৰ পোৱালিটো তেওঁৰ নহয় , তেওঁ সিংহৰ পোৱালিটোক ড্ৰাগছো দিয়া নাই ।

এই ফটোশ্বুটোৰ কাৰণে সিংহপোৱালি প্ৰতিপালন কৰা এজনৰ পৰা পোৱালিটো লোৱা হৈছে। ইয়াৰ বাবে তেওৰ লগত লাইচেন্সো আছে। 

ফটোশ্বুতটোৰ সময়ত সিংহৰ গৰাকীজনো তাত উপস্থিত আছিল। আমি সিংহৰ পোৱালিটোক কোনো ধৰণৰ অনিষ্ট কৰা নাই।

পিছে খবৰৰ সত্যতা প্ৰমাণ কৰিবলৈ বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ এটা দল ঘটনাস্থলীতো উপস্থিত হয়।

বন্যপ্ৰাণী সংৰক্ষণ বিভাগে বন্যপ্ৰাণীক ব্যৱসায়িক ভিত্তিত অসৎ উদ্দেশ্যত ব্যবহাৰৰ বাবে আফজল ষ্টুডিঅ’ৰ গৰাকী আৰু দম্পতীৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply