নিউজ ডেস্কঃ বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩বজাত এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল দক্ষিণ পাকিস্তান। এই ভূমিকম্পত প্ৰাণ গ’ল প্ৰায় ২০জনকৈ লোকৰ।
ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৭। ভূমিকম্পৰ উৎপত্তিস্থল আছিল পাকিস্তানৰ কুৱেট্টাৰ পৰা ১০২ কিলোমিটাৰ উত্তৰ–পূবত। শক্তিশালী ভূমিকম্পই জোকাৰি যোৱাৰ পিছত দক্ষিণ পাকিস্তানত বিস্তৰ ক্ষতিসাধন হয়।
লগতে পঢ়কঃগাঁওবাসীয়েও অতি সোনকালে লাভ কৰিব হাইস্পীড ইন্টাৰনেট সেৱা
ভূমিকম্পৰ ফলত কমেও ২০০ জন লোক আহত আৰু মৃত্যু হয় প্ৰায় ২০জনৰ। মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।আহত লোকসকলক ততাতৈয়াকৈ হস্পিতালত ভৰ্তি কৰোৱা হৈছে।
ভূমিকম্পৰ ফলত বিদ্যুৎ আৰু মোবাইল ফোন সেৱাও বিপৰ্যস্ত হৈ পৰে।