নিউজ ডেস্কঃ শেষ নিশ্বাস ত্যাগ কৰিলে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পাৰভেজ মুছাৰফে। দেওবাৰে ইউনাইটেড আৰৱ এমিৰেটছৰ এখন হাস্পতালত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ দেহাৱসান ঘটে। 

নেতা গৰাকীৰ মৃত্যু সম্পৰ্কে পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জনোৱা অনুসৰি, পাৰভেজ মুছাৰফে বিগত কিছু দিন ধৰি এমিলইডছিচ নামৰ এক দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ আছিল । আৰু শেহতীয়াকৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসাধীন কৰাব লগীয়া হৈছিল নেতা গৰাকীক ।

উল্লেখ্য যে, এক বৰ্ণিল ৰ‍াজনৈতিক জীৱনৰ গৰাকী আছিল মুছাৰফ । পাকিস্তানৰ ৰাজনীতিৰ সকলো উত্থাপ-পতনেই একপ্ৰকাৰ পৰিলক্ষিত কৰিছিল নেতা জনে । প্ৰথমে সেনাধক্ষ্যৰ পৰা ১৯৯৯ চনৰ সেনাৰ অভ্যুথানৰ জৰিয়তে দেশখনৰ প্ৰধানমন্ত্ৰীৰ গাদীত বহিছিল মুছাৰফ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply