নিউজ ডেস্কঃ পাকিস্তানত ভয়াবহ বান। বান পৰিস্থিতি ইমানেই গুৰুতৰ হৈ পৰিছে যে পাকিস্তানৰ কিছু কিছু ঠাইত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। পাকিস্তান প্ৰশাসনৰ মতে, অধিক সংখ্যক নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। বানপানীত এতিয়ালৈকে ১,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছে। উদ্ধাৰ অভিযানৰ বাবে এনডিএফবি বাহিনী মোতায়েন কৰা হৈছে।

বিগত কিছুদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত সায়াত, চাংলা, মিংগোৰা আৰু কোহিস্তান অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হৈছে। কেৱল সায়াত অঞ্চলত কমেও ২৪ খন দলং আৰু ৫০ খন হোটেল বানত ক্ষতিগ্ৰস্ত হৈছে।

৩০ আগষ্টলৈকে পাকিস্তানৰ কেইবাখনো ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। বানপানীৰ ফলত ৩০ নিযুতৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে ইয়াৰে ভিতৰত বেলুচিস্তান আৰু সিন্ধু প্ৰদেশ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। বানপানীত মৃত্যুৰ সংখ্যা ১,০০০ অতিক্ৰম কৰিছে। লাখ লাখ লোক যথেষ্ট প্ৰভাৱিত হৈছে।

উল্লেখ্য যে, বিগত জুনৰ পৰা কমেও বানপানীত ২৫১ জন লোকৰ মৃত্যু হৈছে। বেলুচিস্তানত বানপানীত মৃত্যু হৈছে ২৩৪ জন লোকৰ। পঞ্জাৱ প্ৰদেশত বানপানীত ৩০০ ৰো অধিক লোকৰ মৃত্যু হৈছে। বানপানীৰ ফলত পাকিস্তান অধিকৃত কাশ্মীৰো প্ৰভাৱিত হৈছে, য’ত ৩৭ জন লোকৰ বানত মৃত্যু হৈছে।

পাকিস্তান বতৰ বিজ্ঞান বিভাগৰ মতে, এই বছৰ পাকিস্তানত স্বাভাৱিকতকৈ ২৪১ শতাংশতকৈ অধিক বৰষুণ হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী মাহমুদ খানে বান পৰিস্থিতি পৰিদৰ্শন কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে কয় যে বানপানীৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ সমগ্ৰ দেশতে সৰু আৰু মধ্যমীয়া আকাৰৰ বান্ধ নিৰ্মাণ কৰা উচিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply