নিউজ ডেস্কঃ এতিয়া যেন প্ৰতিদিনে পাকিস্তানৰ চৰকাৰও সন্ত্ৰাসবাদৰ প্ৰতি অতিষ্ঠ হৈ পৰিছে। এফালে যদি অৰ্থনৈতিক ভাৱে প্ৰতিদিনে পাকিস্তান খহিবলৈ আৰম্ভ কৰিছে আনফালে আকৌ ঠায়ে ঠায়ে সন্ত্ৰাসবাদ কাৰ্যকালাপো দিনক দিনে বৃদ্ধি পাইছে। বিগত প্ৰায় ৩ মাহ ধৰি পাকিস্তানত পুনৰ সক্ৰিয় হৈ উঠিছে সন্ত্ৰাসবাদৰ কাৰ্যকালাপ। যাৰ ফলত ঠায়ে ঠায়ে দেখা গৈছে বোমা বিস্ফোৰণ।

যাৰ বাবে পাকিস্তান চৰকাৰে শুক্ৰবাৰে এক বৈঠক অনুষ্ঠিত কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে “অপাৰেচন অল আউট” আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। অভিযানটোত নিষিদ্ধ সংগঠনবোৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব চৰকাৰী এক বিবৃতিত কোৱা হৈছে।

বৈঠকখনৰ সভাপতিত্ব কৰিছিল প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে। বৈঠকত পাকিস্তানৰ শীৰ্ষ অসামৰিক আৰু সামৰিক বিষয়াসকল উপস্থিত আছিল, যাৰ ভিতৰত আছিল সেনাপ্ৰধান জেনেৰেল অসীম মুনিৰ, জেনেৰেল শ্মশাদ মিৰ্জা, কেন্দ্ৰীয় প্ৰতিৰক্ষা, বিত্ত মন্ত্ৰী লগতে বহু কেইজন মন্ত্ৰী।

শ্বেহবাজ শ্বৰীফৰ সভাপতিত্ব অনুষ্ঠিত হোৱা বৈঠকৰ ফটো

চৰকাৰে জাৰি কৰা বিবৃতিত কোৱা হৈছে যে, এই অভিযানৰ জৰিয়তে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদ ৰক্ষা কৰা হ’ব। ইয়াৰ অভিযানত সামৰিক বাহিনী প্ৰয়োগ কৰাৰ বাহিৰেও ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক আৰু সামাজিক প্ৰচেষ্টাও কৰা হ’ব বুলি কোৱা হৈছে।

লগতে, এই অভিযান নতুন উৎসাহ আৰু সংকল্পৰ সৈতে আৰম্ভ কৰা হ’ব। ইয়াত ৰাইজকো চৰকাৰৰ সৈতে লোৱা হ’ব বুলি বিবৃতিত জনোৱা হৈছে।  

উল্লেখযোগ্য যে, যোৱা তিনি মাহত পাকিস্তানৰ খাইবাৰ-পাখতুনখোৱাত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰায় ১২৭ জন আৰক্ষীয়ে প্ৰাণ হেৰুৱাইছে। বিষয়াসকলৰ মতে, জানুৱাৰীত ১১৬ জন, ফেব্ৰুৱাৰীত দুজন আৰু মাৰ্চত ৯ জন আৰক্ষী নিহত হৈছে। জানুৱাৰী মাহত পেছাৱাৰ পুলিচ লাইনছৰ এটা মছজিদত সংঘটিত এক আত্মঘাতি বোমা আক্ৰমণত ৯৬ জন সৈনিক নিহত হয়। ২০২২ চনত সন্ত্ৰাসবাদী আক্ৰমণত ১২০ জন আৰক্ষী নিহত হৈছিল।

পেছাৱাৰ মছজিদ বিস্ফোৰণত ১০০ জন লোক নিহত হৈছিল। ইয়াৰ ভিতৰত ৯৬ জন আৰক্ষী আছিল।
বিস্ফোৰণটোত ২০০ ৰো অধিক লোক আহত হৈছিল।

যোৱা বছৰৰ নৱেম্বৰত তেহৰিক-ই-তালিবানৰ সৈতে পাকিস্তান চৰকাৰৰ আলোচনা ভংগ হৈ পৰে। তেহৰিক-ই-তালিবানে তেতিয়াৰে পৰা আক্ৰমণ তীব্ৰতৰ কৰে। তেওঁলোকে খাইবাৰ-পাখতুনখোৱাত আৰক্ষীসকলক বিশেষভাৱে লক্ষ্য কৰি লৈছিল। যাৰ বাবে খাইবাৰ-পাখতুনখোৱা আৰু বেলুচিস্তানত পৰিস্থিতি অধিক অৱনতি ঘটিছে।

লগতে পঢ়ক – আদালতৰ মজিয়াত ডনাল্ড ট্ৰাম্পৰ কেইখন মান বিশেষ Sketch

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply