নিউজ ডেস্ক– চাৰিওপিনে কেৱল তেজ আৰু তেজ। কোঠাৰ একাষে পৰি আছে তেজেৰে ৰাঙলী চুৰি আৰু কুঠাৰ। পাকিস্থানৰ পঞ্জাৱ প্ৰদেশৰ এটা হিন্দু পৰিয়ালত সংঘটিত হৈছে এক নৃশংস ঘটনা। একেটা পৰিয়ালতে উদ্ধাৰ পাঁচজনৰ মুণ্ডহীন মৃতদেহ। আৰক্ষীয়ে মৃতদেহ কেইটা উদ্ধাৰ কৰাৰ সময়ত পৰিয়ালটোৰ এগৰাকী মহিলা জীৱিত আছিল বুলি আৰক্ষীয়ে উল্লেখ কৰে। শেষত চিকিৎসালয়লৈ নিয়াৰ পথত মহিলাগৰাকীৰো মৃত্যু হয়।
পাকিস্থানৰ পঞ্জাৱ প্ৰদেশৰ ৰহিম ইয়াৰ খান চহৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত আবুধাবি কলনীৰ বাসিন্দা ৰাম চান্দৰ বাসগৃহৰ পৰা মৃতদেহ কেইটা উদ্ধাৰ হয়। আৰক্ষীয়ে ৰামৰ পত্নী লক্ষ্মী মাইক সংকটজনক অৱস্থাত উদ্ধাৰ কৰিছিল। চিকিৎসালয়লৈ নিয়াৰ পথত তেওঁৰো মৃত্যু হয়। মজিয়াত ৰাম চান্দৰ নিথৰ শৰীৰটোৰ কাষত পৰি ৰৈছিল তেওঁলোকৰ ১২ বছৰীয়া সন্তান, ১০ বছৰীয়া আৰু ৪ বছৰ বয়সৰ ২ কন্যাৰ মৃতদেহ।
আৰক্ষীৰ অনুসন্ধানমতে ৩৬ বছৰীয়া ৰামে আত্মহত্যা কৰাৰ আগতে তেওঁৰ পত্নী আৰু সন্তানৰ ডিঙি কাটি নৃশংস ভাৱে হত্যা কৰিছিল।
ৰামৰ ভাতৃ তীৰ্থয়ে ৰামক ঘটনাটোৰ মূল অভিযুক্ত বুলি অভিযোগ কৰিছে। তেওঁ কয় যে ৰামে সন্দেহৰ বাবেই তেওঁৰ পুত্ৰ- কন্যা আৰু পত্নীক হত্যা কৰিছিল। তাৰ পিছত নিজে আত্মহত্যা কৰিছিল। পিছে আৰ্থিক অনাটনকলৈ পত্নীৰ লগত ৰামৰ প্ৰায়ে বাক-বিতণ্ডা হৈ আছিল বুলি স্থানীয় লোকে আৰক্ষীক অৱগত কৰে। ৰামৰ আৰ্থিক অনাটনৰ সম্পৰ্কে পত্নীয়ে বাৰে বাৰে কটু কথা শুনোৱাৰ বাবেই এইধৰণৰ ঘটনা সংঘটিত কৰা বুলি চুবুৰীয়াৰ একাংশই সন্দেহ প্ৰকাশ কৰিছে ।
এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক অনুসন্ধান চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply