আস্থা ভোটত পৰাস্ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান।পাকিস্তানত ইমৰান খান চৰকাৰৰ পতন। মাজনিশা অনুষ্ঠিত অনাস্থা প্ৰস্তাৱত ১৭৪ গৰাকী সাংসদৰ সৰ্মথন দাখিল কৰে । উল্লেখ্য যে মুঠ ৩৪২ গৰাকীৰ ভিতৰত ১৭৪ গৰাকীয়ে ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰে ।

ইফালে সংসদৰ অধ্যক্ষ আশ্বদ কাছেৰ আৰু উপাধ্যক্ষ কাচিম সুৰী আস্থা ভোটৰ পূৰ্বেই পদত্যাগ কৰে ।ইফালে শ্বেহৱাজ শ্বৰীফ হ’ব পাৰে পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী । প্ৰাক্তন প্ৰধানমন্ত্ৰী নাৱাজ শ্বৰীফৰ ভাতৃ শ্বেহৱাজ।

আজি বিয়লি ২ বজাত পৰৱৰ্তী প্ৰধানমন্ত্ৰী মনোনীত কৰিবৰ বাবে বৈঠক অনুষ্ঠিত হব । পাকিস্তান মুছলিম লীগৰ অধ্যক্ষ আৱাজ চাদিকে জনাইছে যে প্ৰধানমন্ত্ৰী পদৰ বাবে সাংসদে বিয়লি ২ বজাৰ ভিতৰত মনোনয়ন দাখিল কৰিব পাৰিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply