নিউজ ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে হ’বলগীয়া অনাস্থা প্ৰস্তাৱ নাকচ কৰা হৈছে। দেওবাৰে নেশ্যনেল এছেম্বলীয়ে নাচক কৰে এই অনাস্থা প্ৰস্তাৱ। এই অনাস্থা প্ৰস্তাৱ নাকচ হোৱাৰ পাছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক সম্বোধন কৰে।
ইমৰান খানে কয় যে- তেওঁ ৰাষ্ট্ৰপতি আৰিফ আলবীক নেশ্যনেল এছেম্বলী ভংগ কৰাৰ বাবে অনুৰোধ জনাইছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন অনুষ্ঠিত কৰাৰ উপদেশ দিয়ে।
ইফালে, পাকিস্তানৰ কেন্দ্ৰীয় মন্ত্ৰী ফাৰুখ হবীবে টুইটাৰত লিখিছে- ‘নেশ্যনেল এছেম্বলী ভংগ কৰা হৈছে আৰু দেশত আগন্তুক ৯০ দিনৰ ভিতৰত পুনৰ নিৰ্বাচন কৰা হ’ব।’
আনহাতে, পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- ‘নেশ্যনেল এছেম্বলীৰ স্পীকাৰৰ সিদ্ধান্তত প্ৰতিগৰাকী পাকিস্তানৰ নাগৰিকক মুই শুভেচ্ছা জনাইছো। অনাস্থা প্ৰস্তাৱ আমাৰ বিৰুদ্ধে বিদেশীৰ ষড়যন্ত্ৰ।’