নিউজ ডেস্কঃ চুবুৰীয়া দেশ পাকিস্তানৰ ৰাজনৈতিক পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰিছে। আৰু দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ গাদী ৰক্ষাৰ বাবে পাৰ্যমানে চেষ্টা চলায় আছে। প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল পাকিস্তান তহৰীক এ ইনছাফ চমুকৈ পিটিআই-য়ে ইতিমধ্যে ৩৪২ জনীয়া বিধানসভাত হেৰুৱাইছে সংখ্যাগৰিষ্ঠতা।
তাৰপাছত আজি প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে সংসদত অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদান কৰা হ’ব। আৰু ভোটদানৰ পাছতে জানিব পৰা যাব যে ইমৰান খান দেশখনৰ প্ৰধানমন্ত্ৰীৰ গাদীত বহি থাকিব নে নাথাকে। জানিব পৰা মতে, ইতিমধ্যে সংসদৰ কাষৰীয়া ৰেড জ’ন এলেকাসমূহ ছীল কৰি দিয়া হৈছে।
হাজাৰ হাজাৰ সেনা জোৱানক মোতায়েন কৰা হৈছে এই এলেকাসমূহত। তদুপৰি ইছলামাবাদত জাৰি কৰা হৈছে ১৪৪ ধাৰা। উল্লেখ্য যে, আজি পৰ্যন্ত পাকিস্তানৰ কোনো প্ৰধানমন্ত্ৰীয়ে নিজৰ কাৰ্যকাল শেষ কৰিবলৈ সক্ষম হোৱা নাই। আৰু ইমৰাণ খান তৃতীয় গৰাকী প্ৰধানমন্ত্ৰী যিয়ে অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছে।