নিউজ ডেস্ক- পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান কোভিড১৯ত আক্ৰান্ত হৈছে।
পাকিস্তানৰ মন্ত্ৰী ফৈজল চুলতানৰ টুইটৰ উদ্ধৃতিৰে এই বাতৰি পৰিৱেশন সংবাদ সংস্থা বিবিচিৰ।
ইফালে জন হপকিন্স বিশ্ববিদ্যালয়ৰ মতে পাকিস্তানত কোভিডত আক্ৰান্ত হৈ ১৩,৭৯৯ গৰাকী লোকৰ মৃত্যু হৈছে আৰু ৬,২৩,১৩৫ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।
৬৮ বছৰীয়া প্ৰধানমন্ত্ৰী ইমৰাণ খানে দুদিন পূৰ্বে কোভিড১৯ৰ প্ৰথমটো ভেকচিন গ্ৰহণ কৰিছিল।
আৰু পঢ়কঃ মহাৰাষ্ট্ৰৰ কেমিকেল ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ
চিকিৎসাৰ বিশেষজ্ঞৰ মতে কোভিড ভেকিচনক কোভিড১৯ প্ৰতিৰোধৰ বাবে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী শক্তি বৃদ্ধি কৰিবলৈ এসপ্তাহ সময়ৰ প্ৰয়োজন হয়।
সংবাদ সংস্থা ৰয়টাৰৰ মতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে নিয়মীয়াভাবে ৰাজধানী ইছলামাবাদত বিভিন্ন অনুষ্ঠান আৰু বৈঠকত অংশগ্ৰহণ কৰি আহিছে।
শুকুৰবাৰে ইমৰাণ খানে মাস্ক পৰিধান নকৰাকৈয়ে এটা গৃহ প্ৰকল্প উদ্বোধন কৰিছিল য’ত বহু সংখ্যক লোক উপস্থিত আছিল।
আৰু পঢ়কঃ বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক গৌতম বৰাৰ কংগ্ৰেছ দল ত্যাগ