নিউজ ডেস্কঃ সুৰৰ কোনো ধৰ্ম নাই। সুৰে সীমা বুজি নাপায়, বুজি নাপায় বিভাজন। সোমবাৰে স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকীৰ এই দিনটোক বিশেষ কৰি তুলিবলৈ যোৱা এবছৰ ধৰি সমগ্ৰ দেশতে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰা হৈছে।
আজাদী কা অমৃত মহোৎসৱ উপলক্ষে পাকিস্তানী গায়ক ছিয়াল খান (Siyal khan) ৰুবাবত সুৰ তুলিলে ভাৰতৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত । পাহাৰৰ কোলাত সেউজীয়া মাজত, বগা পোছাক পিন্ধি আপোনমনে বজাইছিল ৰাষ্ট্ৰীয় সংগীতটো।
টুইটাৰত ভাইৰেল হৈছে এই ভিডিঅ’। শিল্পীজনে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ ইমোজি একেলগে লগাই ভিডিঅ’টোৰ কেপচনত লিখিছে ‘ সীমান্তৰ সিপাৰে থকা বন্ধুসকলৰ বাবে মোৰ ফালৰ পৰা এটা সৰু উপহাৰ ‘।
এই ভিডিঅ’টো প্ৰত্যক্ষ কৰি দুয়োখন দেশৰ লোকে প্ৰশংসাৰে উপচাই দিছে। কোনোবাই লিখিছিল, “ৱাও।” কোনোৱে লিখিছে, ‘স্বাধীনতা দিৱসত ইয়াতকৈ ভাল উপহাৰ নাই’।
ভিডিঅ’টো বৰ্তমানলৈকে টুইটাৰত ৪১হাজাৰৰো অধিকলোকে লাইক কৰিছে।
ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বজোৱাৰ আগতে, ছিয়াল খানে বলীউডৰ গীত “মেৰে হাত মে তেৰা হাত হো” ৰুবাবত বজাই চৰ্চালৈ আহিছিল।
ছিয়াল খানৰ ইউটিউবত দিয়া তথ্য অনুসৰি, ছিয়াল খান পাকিস্তানৰ দিৰ অঞ্চলৰ, ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ।