নিউজ ডেস্কঃ প্ৰায়ে দেখা যায় যে পান কাৰ্ড, বাহনৰ পঞ্জীয়ন কাৰ্ড (আৰচি), ড্ৰাইভিং লাইচেঞ্চ, ইঞ্চুৰেন্সৰ কাগজ-পাতি আদি কঢ়িয়াই নিয়াটো জটিল হৈ পৰে সকলোৰে বাবে। মানী বেগত এই কাগজসমূহ ৰখাৰ পাছত কেতিয়াবা সেই প্ৰমাণপত্ৰসমূহ বা লাইচেঞ্চসমূহ ফাটি যোৱা, বৰষুণৰ ফলত নষ্ট হোৱা বা আন কেতিয়াবা আকৌ মানী বেগটো পকেট মাৰিলে বা হেৰাই গ’লে তাৰ বাবে হাবাথুৰি খাই সৰ্বসাধাৰণ ৰাইজে। তাৰপাছত পুনৰ সেই নথিপত্ৰসমূহ ডাউনলোড কৰাৰ বা তাৰ বাবে আৰক্ষী চকীলৈ যাবলগীয়া হয়।

কিন্তু এতিয়া আৰু তেনেকুৱা নহয়। কিয়নো হোৱাটছএপতে লাভ কৰিব পাৰিব আপুনিও নিজৰ নথিপত্ৰসমূহ। এতিয়াৰে পৰা হোৱাটছএপৰ জৰিয়তেই কেন্দ্ৰীয় চৰকাৰৰ DigiLocker ব্যৱহাৰ কৰিব পাৰিব সকলোৱে। কেন্দ্ৰীয় চৰকাৰে এই সুবিধা MyGov Helpdesk চাটবটৰ সৈতে আগবঢ়াইছে।

লক্ষণীয় কথাটো হ’ল যে, DigiLocker ব্যৱহাৰ কৰিবলৈ কোনো ধৰণৰ এপ ডাউনলোড কৰিব নালাগে। চৰকাৰে দাবী কৰিছে যে DigiLockerত ১০ কোটিৰো অধিক লোকে পঞ্জীয়ন কৰিছে আৰু ৫০০ কোটিৰো অধিক নথিপত্ৰ আপলোড কৰিছে।

হোৱাটএছত কেনেকৈ ডাউনলোড কৰিব পাৰিব DigiLockerত থকা নথিপত্ৰঃ প্ৰথমে নিজৰ নিজৰ মোবাইলত +91-9013151515 নম্বৰটো ছেভ (save) কৰিব লাগিব। তাৰপাছত এই নম্বৰটো হোৱাটছএপত খুলি তাত DigiLocker লিখি পঠিয়াওক। লগে লগে আপোনাক পান কাৰ্ডৰ পৰা আনবোৰ নথিপত্ৰৰ বাবে বিকল্প দেখুৱাব।

DigiLocker এপৰ দৰে হোৱাটছএপতো আধাৰ নম্বৰৰ ভেৰিফিকেশ্যন কৰা হ’ব। তাৰপাছত আপুনি আপোনাৰ নথিপত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। চাবলৈ গ’লে কোভিড ভেকচিনৰ প্ৰমাণপত্ৰ যিধৰণে ডাউনলোড কৰিছিল হোৱাটছএপ যোগে, ঠিক একেদৰেই এই নথিপত্ৰসমূহো আপুনি ডাউনলোড কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply