নিউজ ডেস্ক : আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন। ইতিমধ্যে সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পিছত ২৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন। এইবাৰৰ শীতকালীন অধিৱেশন বিশেষভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।
আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত প্ৰায় ৩৬ খনকৈ বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা আছে। এইবাৰৰ সংসদৰ শীতকালীন অধিৱেশন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা প্ৰধান কাৰণ হৈছে এই অধিৱেশনতে কেন্দ্ৰই প্ৰত্যাহাৰ কৰিব বিৰ্তকিত ৩ খনকৈ কৃষি আইন।
লগতে পঢ়ক : জুৰীয়াত পানীৰ দৰত বিক্ৰী শাক-পাচলি
৩ খন কৃষি আইন বাতিল কৰাৰ প্ৰক্ৰিয়া সংসদৰ শীতকালীন অধিৱেশনত সম্পূর্ণ কৰা হ’ব
বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যদিও সদনৰ আনুষ্ঠানিকতা এই অধিৱেশনতে সম্পন্ন হ’ব। অধিৱেশনৰ প্ৰথমদিনাই সদনৰ মজিয়াত উত্থাপিত হ’ব কৃষি আইন বাতিলৰ প্ৰসংগ।
আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিৰ দিনটোতে কংগ্ৰেছী সাংসদ সকলে প্ৰতিবাদ সাব্যস্ত কৰে। সংসদ ভৱনৰ সন্মুখৰ গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ কংগ্ৰেছী সাংসদৰ। প্ৰতিবাদত ছোনিয়া গান্ধী, ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰে। কৃষকৰ সমস্যা সমাধানৰ দাবীত কংগ্ৰেছৰ সাংসদৰ এই প্ৰতিবাদী কাৰ্যসূচী।