ভাৰতৰ ৰিজাৰ্ভ বেংকে ব্যক্তিগত বেংক পে টি এম পেমেণ্ট বেংকক নতুন গ্ৰাহক কৰাৰ ক্ষেত্ৰত নিষিদ্ধ কৰিছে। আৰ.বি.আইৰ জাননীত কিছুমান উদ্বেগজনক তথ্য উন্মোচিত হোৱাৰ পিছত, বেংকটোক নতুন গ্ৰাহক যোগ দিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইয়াৰ উপৰিও ৰিজাৰ্ভ বেংকে পে টি এম পেমেণ্ট বেংকক আইটি প্ৰণালীৰ অডিট কৰিবলৈ কোৱা হৈছে। ৰিজাৰ্ভ বেংকে দিয়া নিৰ্দেশনাটোত কোৱা হৈছে যে, “পে টি এম বেংকৰ দ্বাৰা নতুন গ্ৰাহক যোগ দিয়াৰ কথা তেতিয়া বিবেচনা কৰা হ’ব, যেতিয়া আৰ বি আইয়ে নিযুক্ত কৰা অডিটে কোম্পানীৰ প্ৰতিবেদন পুনৰীক্ষণ কৰিব।”

এই নিষেধাজ্ঞা তাৎক্ষণিক ভাবে কাৰ্যকৰী কৰা হৈছে। ইয়াৰ আগতে, ডিচেম্বৰ ২০২০ত, কাৰিকৰী সমস্যাৰ বাবে, আৰ বি আইয়ে এইচ ডি এফ চি বেঙ্কক নতুন ক্ৰেডিট কাৰ্ড জাৰী কৰা আৰু নতুন ডিজিটেল সামগ্ৰী মুকলি কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। পে টি এম পেমেণ্ট বেংকে যোৱা বছৰত আৰ বি আইৰ পৰা অনুসূচীত বেংকৰ স্থিতি লাভ কৰিবলৈ সক্ষম হৈছিল।

বেংকটোৰ গ্ৰাহকৰ লেনদেন আৰু একাউণ্ট সম্পৰ্কে কোনো নিৰ্দেশনা দিয়া হোৱা নাই। ৰিজাৰ্ভ বেঙ্কৰ সিদ্ধান্তৰ বাবে বৰ্তমানৰ গ্ৰাহকসকলৰ বাবে চিন্তা কৰাৰ কাৰণ নাই বুলি কোৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply