নিউজ ডেস্ক : দিল্লীত কভিড মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাত দিল্লী চৰকাৰে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। শেহতীয়া কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে অৱশেষত লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লী চৰকাৰে লকডাউনৰ ঘোষণা কৰাৰ পিছতে দিল্লীত সুৰাৰ দোকান সমূহৰ সন্মুখত দেখিবলৈ পোৱা গৈছে দীঘলীয়া শাৰী।
কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে দেশৰ ৰাজধানী দিল্লীত তাণ্ডৱ চলাই থকাৰ মাজতে দিল্লী চৰকাৰে সোমবাৰে নিশা ১০ বজাৰ পৰা আগন্তক ছায় দিনলৈ দিল্লীত লকডাউনৰ ঘোষণা কৰিছে। দিল্লী চৰকাৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে দিল্লীৰ সুৰাৰ দোকান সমূহত দেখিবলৈ পোৱা যায় এক পৃথক দৃশ্য।
আৰু পঢ়কঃ দিল্লীত ৬ দিনৰ বাবে সম্পূৰ্ণ লকডাউন
দিল্লীত ছায় দিনীয়া লকডাউনৰ বাবে সুৰা সংগ্ৰহ কৰাৰ বাবে সুৰাৰ দোকান সমূহত লানি নিছিগা ভিৰ দেখিবলৈ পোৱা যায়। হাজাৰ হাজাৰ লোক দীঘলীয়া শাৰীত থিয় হৈ সুৰা সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰে। সুৰাৰ দোকান সমূহৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান সমূহতো ৰাইজৰ ভিৰ পৰিলক্ষিত হয় দিল্লীত।
উল্লেখ্য যে দেশৰ ৰাজধানীত যোৱা ২৪ ঘণ্টাত ২৩,৫০০ লোক কভিডত আক্রান্ত হৈছে। আক্রান্তৰ হাৰ ভয়াবহভাৱে বৃদ্ধি পোৱাৰ বাবে দিল্লী চৰকাৰে লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লীৰ চিকিৎসলায় সমূহত আই চি ইউৰ নাটনি হোৱা বুলিও জানিব পৰা গৈছে।
আৰু পঢ়কঃক’ভিড-১৯ৰ যুঁজত অৱতীৰ্ণ হোৱা স্বাস্থ্যকৰ্মীৰ ৫০ লাখ টকাৰ বীমা বন্ধ কৰিলে কেন্দ্ৰই