নিউজ ডেস্ক : কৰৰ বোজাৰ বাবেই পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত কৰ বৃদ্ধি। পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত কৰ আৰোপ কৰাৰ বাবেই পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই সাধাৰণৰ জনতাক জলাকলা খুৱাইছে। পেট্ৰ’ল আৰু ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধি সন্দৰ্ভত কেন্দ্ৰীয় চৰাকাৰেই প্ৰকাশ কৰিছে এই তথ্য।

ৰাজ্যসভাত পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপিত কৰৰ সবিশেষ দাঙি ধৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিলে এই তথ্য। কেন্দ্ৰীয় চৰকাৰে বিগত ৩ বছৰত পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপ কৰা কৰৰ পৰা ৮ লাখ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

মুঠ ৮ লাখ কোটি টকাৰ ভিতৰত ৩.৭১ লাখ কোটিৰো অধিক সংগ্ৰহ কৰিছে ২০২০-২১ চনৰ ভিতৰতে। ৰাজ্যসভাত উত্থাপন কৰা এটা প্ৰশ্নৰ লিখিত উত্তৰ দি এই তথ্য সদৰি কৰে নিৰ্মলা সীতাৰমণে। পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক বৃদ্ধি হোৱাৰ ফলতে এই বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে কেন্দ্ৰীয় চৰকাৰে।

২০১৮ চনৰ ৫ অক্টোবৰত প্ৰতি লিটাৰ পেট্ৰ’লৰ আবকাৰী শুল্ক আছিল ১৯.৪৮ টকা আৰু তাৰ বিপৰীতে ২০২১ চনৰ ৪ নৱেম্বৰত এই শুল্কৰ পৰিমাণ হৈছে ২৭.৯০টকা। ডিজেলৰ ক্ষেত্ৰত এই শুল্ক এই সময়ছোৱাত ১৫.৩৩ টকাৰ পৰা ২১.৮০ টকালৈ বৃদ্ধি পাইছে।

কেন্দ্ৰীয় মন্ত্ৰী গৰকীয়ে ইন্ধনৰ দামৰ আবকাৰী শুল্ক বৃদ্ধিৰ সবিশেষ উল্লেখ কৰি এই তথ্য দাঙি ধৰে। তেওঁ সদৰি কৰা তথ্য অনুসৰি ২০১৮ চনৰ ৫ অক্টোবৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ আবকাৰী শুল্ক আছিল ১৯.৪৮ টকা, ২০১৯ চনৰ ৬ জুলাইত এই শুল্কৰ পৰিনাম হৈছিল ১৭.৯৮ টকা।

আনহাতে এই সময়ছোৱাত ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস হৈছিল ১৫.৩৩ টকাৰ পৰা ১৩.৮৩ টকালৈ। ইয়াৰ পিছতে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক ২০২১ চনৰ ২ ফেব্ৰুৱাৰীলৈ ক্ৰমাগতভাৱে বৃদ্ধি পায় আৰু ই হয়গৈ ক্ৰমে ৩২.৯৮ টকা আৰু ৩১.৮৩টকা। এই বছৰৰ ৪ নৱেম্বৰত ই সামান্য হ্ৰাস পায় আৰু প্ৰতি লিটাৰ পেট্ৰ’লৰ আবকাৰী শুল্ক হয়গৈ ২৭.৯০ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ আবকাৰী শুল্ক হয়গৈ ২১.৮০টকা।

লগতে পঢ়ক  : পদপথৰ বাসিন্দাক জাৰৰ দিনৰ বস্ত্ৰ প্ৰদান সোণাৰিৰ সমাজকৰ্মী উত্তম চাংমাইৰ

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, ‘পেট্ৰ’ল আৰু ডিজেলৰ পৰা উপকৰসহ বিগত ৩ বছৰত কেন্দ্ৰীয় আবকাৰী শুল্ক সংগ্ৰহৰ হিচাপ হৈছে ২০১৯-১৯ত ২,১০২৮২কোটি, ২০১৯-২০ত ২,১৯,৭৫০কোটি আৰু ২০২০-২১ত ৩,৭১,৯০৮কোটি।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply