নিউজ ডেস্ক : সান্ধ্য আইনৰ মাজতে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত আৱাসলৈ পে’ট্ৰল বোমা নিক্ষেপ। পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে মেঘালয়ৰ। মুখ্যমন্ত্ৰীৰ আৱাসলৈ পে’ট্ৰল বোমা নিক্ষেপৰ লগতে থানা আৰু চি আৰ পি এফৰ কেম্পলৈ শিলাবর্ষণ।

পৰিস্থিতি ক্ৰমান্বয়ে অৱনতি ঘটিছে মেঘালয়ত। ইতিমধ্যে ৰাজ্যখনত ১৫ ৰ পৰা ১৭ আগষ্টৰ পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰাৰ লগতে বন্ধ কৰা হৈছে ইন্টাৰনেট সেৱা। দেওবাৰৰ বিয়লি ৬ বজাৰ পৰা ৰাজ্যখনত বন্ধ হৈ আছে ইন্টাৰনেট সেৱা। ইফালে ৰাজ্যখনৰ সংঘটিত হোৱা কেইবাটাও বিক্ষিপ্ত ঘটনাৰ পাছতে পদত্যাগ কৰিছে গৃহমন্ত্ৰী গৰাকীয়ে।

পৰিস্থিতি উত্তপ্ত হৈ থকাৰ মাজতে দেওবাৰে নিশা প্ৰায় ১০.১৫ বজাত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ শ্বিলঙৰ থাৰ্ড মাইলস্থিত ব্যক্তিগত আৱাসলৈ দুৰ্বৃত্তই নিক্ষেপ কৰে পে’ট্ৰল বোমা। লুমডিংজ্ৰী থানা, মাওলাই থানা আৰু চি আৰ পি এফৰ কেম্পত দুৰ্বৃত্তই শিলাবৰ্ষণ কৰা বুলিও জানিব পৰা গৈছে।

লগতে পঢ়ক : ৬ দিন পিছত দেশত ৩৫ হাজাৰতকৈ কম লোক ক’ভিড আক্রান্তত

উল্লেখযোগ্য যে প্ৰাক্তন এইচ এন এল চি নেতা চেষ্টাৰফিল্ড থাংখিউৰ হত্যাৰ পিছতে অগ্নিগৰ্ভা হৈ পৰিছে মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ। শুকুৰবাৰে পুৱতী নিশা মেঘালয় আৰক্ষীৰ গুলীত নিহত হৈছিল চেষ্টাৰফিল্ড থাংখিউ। ইফালে শ্বিলঙৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি আৰু সান্ধ্য আইনৰ বাবে অসমৰ লোকক শ্বিলং ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply