নিউজ ডেস্কঃ মাত্ৰ কেইদিন মানৰ বিৰতিৰ মূৰত পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য।
১৫দিনৰ মূৰত দ্বিতীয় দিনৰ বাবে বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য।
সৰ্বকালৰ অভিলেখ ভাঙি প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পালে ৪টকা ১৭পইচা আৰু ডিজেল প্ৰতি লিটাৰত বৃদ্ধি হয় ৪টকা ৬০ পইচাকৈ ।
দিল্লীত পে’ট্ৰলৰ মূল্য হ’লগৈ প্ৰতি লিটাৰত ৯৪.৪৯টকা, ডিজেল প্ৰতি লিটাৰত ৮৫.৩৮ টকা হয়।
মুম্বাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০১টকা, ডিজেল প্ৰতি লিটাৰৰ মূল্য হয় ৯২.৬৯টকা।
গুৱাহাটীত পেট্ৰলৰ মূল্য হৈছেগৈ ৯০টকা ২০ পইচা।
উল্লেখ্য় যে , মে’ মাহৰ আৰম্ভনীতে দেশৰ ৫খন ৰাজ্য়ত পেট্ৰ’ল-ডিজেলৰ মূল্য ১৮বাৰকৈ বৃদ্ধি পাইছিল। এইবাৰ পুনৰ বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে দেশৰ সাধাৰণ জনসাধাৰণ।
আৰু পঢ়কঃদেশত ক’ভিড সংক্ৰমণৰ লগতে হ্রাস পাইছে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা