নিউজ ডেস্কঃ তৈল কোম্পানীসমূহে মঙলবাৰৰ দিনটোত পুনৰ বৃদ্ধি কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্য। ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লত .৩৫পইচাকৈ বৃদ্ধি হৈ  ৯৮.৮১টকালৈ আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰ .২৮ পইচাকৈ বৃদ্ধি হৈ  ৮৯.১৮ টকা হয়গৈ।

দিল্লীত মে’ৰ পৰা বৰ্তমানলৈকে ৩২ বাৰত প্ৰতি লিটাৰ পেট্ৰ’লত ৮.১২ টকা আৰু ডিজেল ৮.৭৬ টকালৈ বৃদ্ধি পালে।

একেদৰে মুম্বাই মহানগৰীতো একেই অৱস্থা। মহানগৰীখনত যোৱা কেইবাদিনো ধৰি ১০০ টকাৰো অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হৈছে ইন্ধন।

মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লত ১০৪.৯০ টকা আৰু ডিজেলত ৯৬.৭২ টকা হৈছেগৈ।

চেন্নাইত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে প্ৰতিলিটাৰত ৯৯.৮২ টকা আৰু ৯৩.৭৪ টকালৈ বৃদ্ধি পাইছে।

ৰাজস্থান, মধ্য়প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কৰ্ণাটক, জম্মু-কাশ্মীৰ, উৰিষ্যা, তামিলনাডু, লাডাখ, বিহাৰ, পঞ্জাৱত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০০টকাৰো অধিক হৈছে।

আৰু পঢ়কঃ ইউৰো ২০২০ : শ্বাসৰুদ্ধকৰ খেলা! ফ্লান্সক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ছুইজাৰলেণ্ডৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply