নিউজ ডেস্কঃ আন্তৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য।
তেল বিপনন কোম্পানীয়ে ২৮ ছেপ্টেম্বৰত জাৰি কৰা দাম অনুসৰি দেশত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২০ পৰা ২২ পইছাকৈ বৃদ্ধি পাইছে আৰু ডিজেল প্ৰতিলিটাৰ ২৫ পইছা বৃদ্ধি পাইছে।
ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হৈছেগৈ ১০১.৩৯ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৯.৫৭টকা।
মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৭.৪৭ টকা, প্ৰতি লিটাৰ ডিজেলৰ দাম ৯৭.২১ টকা।
কলকাতাত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হৈছেগৈ ১০১.৮৭ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯২.৬৭টকা।
চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হৈছেগৈ ৯৯.১৬ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯৪.১৭টকা।
দেশৰ ৪ খন মহানগৰৰ তুলনাত মুম্বাইত পেট্ৰ’ল-ডিজেলৰ মূল্য সৰ্বাধিক। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা আৰোপ কৰা কৰ আৰু পৰিবহনমূল্যৰ বাবে ৰাজ্যসমূহত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পৃথক হয়।
সমগ্ৰ দেশত যোৱা ৫ দিনত ৪ বাৰ বৃদ্ধিৰ সৈতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯৫ পইচা বৃদ্ধি পাইছে। ভাৰতীয় তেল কোম্পানীবোৰে শেহতীয়াকৈ ২৪ ছেপ্টেম্বৰত ২০ পইচাকৈ আৰু ২৬ আৰু ২৭ ছেপ্টেম্বৰত প্ৰতি লিটাৰ ডিজেলত ২৫ পইচা বৃদ্ধি কৰিছিল। আজি একেৰাহে তৃতীয় দিনৰ বাবে ছেপ্টেম্বৰৰ ২৮ তাৰিখে পুনৰ প্ৰতি লিটাৰ ডিজেলত ২৫ পইচাকৈ বৃদ্ধি পাইছে।
অৱশ্যে, ছেপ্টেম্বৰ মাহৰ ভিতৰত মঙলবাৰৰ দিনটোতে পেট্ৰ’লৰ মূল্য বৃদ্ধি পাইছে। ইয়াৰ আগতে আগৰ মূল্যতে পেট্ৰ’লৰ দাম স্থিৰ হৈ আছিল।
লগতে পঢ়কঃ৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন