নিউজ ডেস্কঃ বিধানসভাৰ নিৰ্বাচনৰ অন্ত পৰাৰ লগে লগে দেশত মুদ্ৰাস্ফীতি প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে।
বৃহস্পতিবাৰে দেশত ৰাজ্যিক মালিকানাধীন তেল কোম্পানীসমূহে একেৰাহে তৃতীয়বাৰৰ বাবে পেট্ৰল’- ডিজেলৰ মূল্য বৃদ্ধি কৰিছে।
পুনৰ প্ৰতি লিটাৰ পেট্ৰলৰ ২৫ পইচা আৰু ডিজেলৰ ৩০ পইচাকৈ মূল্য বৃদ্ধি কৰা হৈছে।
বুধবাৰৰ দিনটোত পুনৰ পেট্ৰ’লৰ মূল্য ১৭ পইচা আৰু ডিজেলৰ মূল্য ১৯ পইচাৰ পৰা ২১পইচালৈকে বৃদ্ধি পাইছিল।
আনহাতে, মংগলবাৰে প্ৰতি লিটাৰ পেট্ৰলত ১৫ পইচা আৰু ডিজেলত ১৮ পইচাকৈ বৃদ্ধি পাইছিল।
চলিত বছৰৰ ২৪ মাৰ্চত প্ৰতি লিটাৰ পেট্ৰলত ৭৭ পইচা আৰু ডিজেলত ৭৪ পইচাকৈ মূল্য হ্ৰাস কৰা হৈছিল।
ইফালে চলিত বৰ্ষত দেশত অভিলেখসংখ্যক ২৬ বাৰকৈ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে।
যোৱা জানুৱাৰীৰ পৰা বৰ্তমানলৈকে প্ৰতি লিটাৰ পেট্ৰলত ৭.৪৬ টকা আৰু ডিজেলত মূল্য ৭.৬০ টকাকৈ মূল্য বৃদ্ধি পাইছে।
আনহাতে, ১৫ এপ্ৰিলত প্ৰতি লিটাৰ পেট্ৰলত ১৪ পইচা আৰু ডিজেলত ১৬ পইচাকৈ বৃদ্ধি কৰা হৈছিল।