নিউজ ডেস্কঃ মঙলবাৰৰ দিনটোত আকৌ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
কৰোনাকালীন পৰিস্থিতিৰৰ মাজতে বিগত এসপ্তাহ ধৰি বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য।
দেশৰ বহু চহৰত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্যই ১০০ৰ ঘৰ অতিক্ৰম কৰে।
চৰকাৰী তেল কোম্পানীসমূহে জাৰি কৰা নতুন মূল্য অনুসৰি আজি পেট্ৰ’লৰ মূল্যত ২৭ পইচা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩০ পইচা বৃদ্ধি কৰা হৈছে।
আৰু পঢ়কঃপুনৰ পে’ট্ৰল-ডিজেলৰ মূল্যই মাধমাৰ সোধালে সাধাৰণ জনতাক
আনফালে সোমবাৰৰ দিনটোতো প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ২৬ পইচা আৰু ডিজেলৰ মূল্য ৩৩ পইচা বৃদ্ধি কৰা হৈছিল।
১০০ৰ সীমা অতিক্ৰম কৰা অঞ্চল সমূহ হৈছে-
শ্ৰীগংগানগৰত পেট্ৰ’ল প্ৰতি লিটাৰত ১০২.৭০ টকা আৰু ডিজেল ৯৫.০৬ টকা।
অনুপপুৰত পেট্ৰ’ল প্ৰতি লিটাৰত ১০২.৪০ টকা আৰু ডিজেল ৯৩.০৬ টকা।
পাৰভানীত পেট্ৰ’ল প্ৰতি লিটাৰত ১০০.৫০ টকা আৰু ডিজেল ৯০.৪১ টকা।