দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। দেওবাৰে দেশত জাৰি কৰা হয় নতুন ইন্ধনৰ মূল্য। ইণ্ডিয়ান অইল ক’ৰ্পৰেশ্যনৰ মতে, ৰাজধানী চহৰ দিল্লীত আজিৰ দিনটোত পেট্ৰ’লৰ মূল্য ২৭ পুইচা বৃদ্ধি পোৱাৰ পাছত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৫.০৩ টকালৈ বৃদ্ধি পালে।
ইফালে, ডিজেলৰ মূল্য ২৯ পইচা বৃদ্ধি পোৱাৰ পাছত প্ৰতি লিটাৰ ডিজেলৰ মূল্য বৰ্তমান ৮৫.৯৫ টকা হৈছে। আনহাতে, মু্ম্বাইত ১০০টকাৰো অধিক মূল্যত বিক্ৰী হৈছে প্ৰতি লিটাৰ পেট্ৰ’ল। দেওবাৰে ২৭ পইচা বৃদ্ধি পোৱাৰ পাছত মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০১.২৫ টকা হৈছে। আনফালে, ডিজেলত ৩১ পইচা বৃদ্ধি পোৱাৰ পাছত ইয়াৰ মূল্য ৯৩.৩০ টকা হৈছেগৈ।
একেদৰেই দেশৰ আনবোৰ ৰাজ্যতো বৃদ্ধি পাইছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। চেন্নাইত দেওবাৰৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৯৬.৪৭ টকা আৰু ডিজেলত ৯০.৬৬ টকালৈ বৃদ্ধি পাইছে। আনহাতে, কলকাতাত ৯৫.০২ টকা প্ৰতিলিটাৰ পেট্ৰ’লত আৰু ৮৮.৮০ টকা ডিজেলত হৈছেগৈ।
বাংগালুৰুত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯৮.২০ টকা হোৱাৰ লগতে ডিজেলৰ মূল্য ৯১.১২ টকা হৈছেগৈ।
লগতে পঢ়ক ধুবুৰী ড্রাগছ বিৰোধী অভিযান, আটক পেডলাৰ