নিউজ ডেস্কঃ দেশত বুধবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। মংগলবাৰে প্ৰতি লিটাৰ পেট্ৰলত ১৫ পইচা আৰু ডিজেলত ১৮ পইচাকৈ বৃদ্ধি পাইছিল।

বুধবাৰৰ দিনটোত পুনৰ পেট্ৰ’লৰ মূল্য ১৭ পইচা আৰু ডিজেলৰ মূল্য ১৯ পইচাৰ পৰা ২১পইচালৈকে বৃদ্ধি পালে।

দুয়োদিনৰ বৰ্ধিত মূল্যক ধৰি পেট্ৰ’লৰ মূল্য ৩২ পইচা আৰু ডিজেলৰ ৩৭ পইচা লৈ বৃদ্ধি পালে।

চলিত বছৰৰ ২৪ মাৰ্চত প্ৰতি লিটাৰ পেট্ৰলত ৭৭ পইচা আৰু ডিজেলত ৭৪ পইচাকৈ মূল্য হ্ৰাস কৰা হৈছিল।

ইফালে চলিত বৰ্ষত দেশত অভিলেখসংখ্যক ২৬ বাৰকৈ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে।

যোৱা জানুৱাৰীৰ পৰা বৰ্তমানলৈকে প্ৰতি লিটাৰ পেট্ৰলত ৭.৪৬ টকা আৰু ডিজেলত মূল্য ৭.৬০ টকাকৈ মূল্য বৃদ্ধি পাইছে।

আনহাতে, ১৫ এপ্ৰিলত প্ৰতি লিটাৰ পেট্ৰলত ১৪ পইচা আৰু ডিজেলত ১৬ পইচাকৈ বৃদ্ধি কৰা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply