নিউজ ডেস্ক- সামাজিক মাধ্যমত খুবেই চৰ্চিত হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ এখন ফটো।

ব্যতিক্ৰমী এই ফটোখনত বৌদ্ধ ভিক্ষুৰ ৰূপত দেখা গ’ল খেলুৱৈগৰাকীক।

ফটোখনত ধোনীয়ে তপা মূৰৰ সৈতে বৌদ্ধ ভিক্ষুৰ পোছাক পিন্ধি আছে।

চেন্নাইৰ অধিনায়ক ধোনীৰ এই ফটোখন আই পি এলৰ অফিচিয়েল ব্ৰডকাষ্টাৰ ষ্টাৰ স্পৰ্টছে নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিছে।

উল্লেখ্যে যে অহা এপ্ৰিল মাহৰ ৯ তাৰিখৰ পৰা আৰম্ভ হ’ব আই পি এলৰ চতুৰ্দশ সংস্কৰণ।

এই ফটো ছচিয়েল মিডিয়াত প্ৰত্যক্ষ কৰি অনুৰাগী সকলে নানা ধৰণৰ প্ৰশ্নৰ উত্থাপন কৰিছে।


ধোনীৰ এই নতুন ৰূপটোক সমৰ্থন জনাই কোনো কোনোৱে বিভিন্ন মন্তব্যয়ো আগবঢ়াইছে।

উল্লেখ্যে যে অহা এপ্ৰিল মাহৰ ৯ তাৰিখৰ পৰা আৰম্ভ হ’ব আই পি এলৰ চতুৰ্দশ সংস্কৰণ।

ধোনীৰ এই ব্যতিক্ৰমীৰূপ সম্পৰ্কে বহুজনে কয় যে  ৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এল ২০২১ৰ বাবে  এই ফটোখনে বাণিজ্যিকৰ  ক্ষেত্ৰত বিশেষভাৱে অংশ ল’ব।

ধোনীৰ এই ফটো কোনো বিজ্ঞাপনৰ বাবে লোৱা হৈছে বুলিও ধাৰণা কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply