নিউজ ডেস্ক: কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে আগন্তুক এটা বছৰৰ ভিতৰত দেশৰ সকলো ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টোল প্লাজা নাইকীয়া কৰিব বুলি ঘোষণা কৰে। ইয়াৰ পৰিৱৰ্তে জিপিএচৰ মাধ্যমেৰে সংগ্ৰহ কৰা হ’ব ধনৰাশি। ভেহিক্যেল স্ক্যাপিং পলিচিৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে লোকসভাত এই মন্তব্য প্ৰকাশ কৰে।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আগন্তুক এটা বছৰৰ ভিতৰত ৰাস্তাৰ পৰা সকলো ট’ল প্লাজা আঁতৰাই পেলোৱা হ’ব। আৰু ট’লৰ ধন লোৱা হ’ব জিপিএচৰ মাধ্যমেৰে।
ইয়াৰ ফলত ৰাস্তাৰ মাজত গাড়ী ৰখাই টকা পৰিশোধ কৰাৰ বাবে সময় নষ্ট কৰিব নালাগে যাত্ৰীয়ে। শেহতীয়া তথ্য দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে আৰু জনোৱা মতে, ৯৩ শতাংশ গাড়ীয়ে ট’ল পৰিশোধ কৰে ফাষ্টটেগৰ মাধ্যমেৰে। বাকী ৭ শতাংশই এতিয়াও আগৰ পদ্ধতিৰে টোল পৰিশোধ কৰি আহিছে। পুৰণি পদ্ধতিৰে টকা দি থকাসকলৰ ওপৰত তদন্ত কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়া হৈছে বুলিও জনাই মন্ত্ৰীগৰাকীয়ে । ফাষ্টটেগ নাথাকিলে জিএছটি বা টোলৰ টকা পৰিশোধ নকৰাকৈ ফাঁকি দিব পাৰে চালকে।