নিউজ ডেস্ক: ইতিসাহ সৃষ্টি কৰি দুমাহ পূৰ্বে সফলতাৰে গাহৰিৰ কলিজা সংৰোপিত হোৱা প্ৰথম গৰাকী ব্যক্তি ডেভিড বেনেটৰ মৃত্যু ঘটিছে।
বুধবাৰে লোকজনৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা আমেৰিকাৰ ইউনিভাৰ্ছিটি অৱ মেৰিলেণ্ড মেডিকেল স্কুলে এক বিজ্ঞপ্তিৰ জৰিয়তে যোৱা ৮ মাৰ্চত ৫৭ বছৰীয়া বেনেটৰ মৃত্যু ঘটা বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ ৭ জানুৱাৰীত উনিভাৰ্ছিটি অৱ মেৰিলেণ্ড মেডিকেল স্কুলত বাৰ্টলে গ্ৰিফিটৰ নেতৃত্বত এটা চিকিৎসকৰ দলে উক্ত যুগান্তকাৰী অস্ত্ৰোপচাৰটো সম্পন্ন কৰিছিল।
চিকিৎসকে জনোৱা মতে অস্ত্ৰোপচাৰৰ পূৰ্বে বেনেটৰ দেহত সংৰোপন কৰা গাহৰিৰ হৎপিণ্ডটো জেনেটিকভাৱে পৰিৱৰ্তন কৰা হৈছিল।
লগতে পঢ়ক – বোকাখাতত বৃহৎ পুঁজিপতি গোষ্ঠীৰ ছপিং মল স্থাপনৰ বিৰোধিতা নিখিল ভাৰত কৃষক সভাৰ