ৰাচিয়াত বিমান দূৰ্ঘটনাত ১৬ জন যাত্ৰী নিহত হয় । ৰাছিয়াৰ টাতাৰস্তান অঞ্চলত ২৩ লোকসহ যাত্ৰা কৰা বিমান খন দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত ১৬জন লোকৰ মৃত্যু হয়।

আনহাতে, ৭জন লোকক জীৱন্তে উদ্ধাৰ কৰা হয়। জৰুৰীকালীন মন্ত্ৰণালয়ে কয় যে ৰাছিয়ান বিমান L-410 Turbolet–এ টাতাৰস্তান গণৰাজ্যৰ ওপৰেৰে গৈ থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্তহয়।

দুৰ্ঘটনাত পতিত বিমানখন দুটা ইঞ্জিনযুক্ত শ্বৰ্ট ৰেঞ্জ ট্ৰান্সপ’ৰ্ট এয়াৰক্ৰাফ্ট আছিল। ইয়াত পেৰাছ্যুটৰে জঁপিওৱা এটা দলো আছিল। ৭জন লোকক ধ্বংসস্তুপৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়কঃ গোসাঁইগাৱত ট্ৰাকৰ তেলৰ টেংকীত ওলাল ১০ কোটি টকা মুল্যৰ আফিং

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply