নিউজ ডেস্কঃ তুষাৰপাতৰ ফলত নেপালত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছে। সোমবাৰে পুৱা পুনৰ বিমানখনৰ সন্ধানত অভিযান আৰম্ভ হোৱাৰ কিছু ঘণ্টাৰ ভিতৰতে নেপালৰ ব্যক্তিগত বিমান এয়াৰলাইন তাৰা এয়াৰৰ টুইন ইঞ্জিনৰ বিমানখন উদ্ধাৰ কৰা হয়। বিমানখনত যাত্ৰা কৰা ২২ গৰাকী যাত্ৰীৰ ভিতৰত ৪ গৰাকী যাত্ৰীয়ে আছিল ভাৰতীয়।
সোমবাৰে নেপাল সেনাই প্ৰকাশ কৰা তথ্য অনুসৰি বাতৰি সংস্থা এ এন আইয়ে জনোৱা মতে, নেপালৰ মুস্তাংগ অঞ্চলত বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে। দেওবাৰে বিমানখনৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে বতৰ হঠাৎ অৱনতি ঘটা আৰু বৰফ পৰাৰ বাবে সেনাই উদ্ধাৰ অভিযান বন্ধ কৰিবলগীয়া হয়। সোমবাৰে পুৱাই নেপাল সেনাই পুনৰ উদ্ধাৰ অভিযান চলাই মুস্তাঙৰ থাছাং টুৰ চেন্সৰশ্বিপত উদ্ধাৰ কৰিছে বিমানখনৰ ধ্বংসাৱশেষ।
উল্লেখ্য যে, দেওবাৰে পুৱা প্ৰায় ১০ বজাত ২২ জন যাত্ৰী কঢ়িয়াই পোখৰাৰ পৰা জামছাম অভিমুখে গৈ থকা অৱস্থাত আকাশমাৰ্গতে সন্ধানহীন হৈছিল বিমানখন। বিমানখন নিৰুদ্দেশ হোৱাৰ পূৰ্বেই শেষবাৰৰ বাবে নেপালৰ মুস্তাঙৰ আকাশত দেখা গৈছিল বিমানখন। কিন্তু অৱতৰণৰ পূৰ্বে বিমানখন ধবলগিৰি পাহাৰৰ ফালে ঘূৰিছিল। ইয়াৰ পিছতে ট্ৰেফিক কন্ট্ৰ’লৰ সৈতে বিমানখনৰ সংযোগ বিচ্ছিন্ন হৈছিল।