নিউজ ডেস্কঃ ২১ জুনৰ পৰা ভাৰতৰ সকলো ৰাজ্যতে ১৮ বছৰ ওপৰৰ লোকসকলৰ বাবে চৰকাৰে বিনামূলীয়া কোভিড প্ৰতিৰোধী ভেকচিন অভিযান পুনৰ আৰম্ভ কৰিব ।
কোভিডৰ ভয়াৱহতা ৰোধৰ বাবে চৰকাৰে যোৱা ১ মে’ৰ পৰা ১৮ৰ পৰা ৪৪ বছৰৰ ভিতৰত ব্যক্তিসকলক কোভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছিল।
এতিয়াৰে পৰা কোভিড ভেকচিনৰ বাবে ৰাজ্য চৰকাৰে কোনো ব্যয় কৰিব নালাগে। বিনামূলীয়াকৈ পৰ্যাপ্ত ভেকচিন যোগান ধৰা হ’ব বুলি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি এই বিষয়ে উল্লেখ কৰে।
বৰ্তমান দেশৰ বিভিন্ন ৭ টা কোম্পানীয়ে বিভিন্ন প্ৰকাৰৰ ভেকচিন উৎপাদন কৰি আছে । নতুনকৈ আৰু তিনিটা ভেকচিনৰ ট্ৰাইল চলাই থকা হৈছে ।
আৰু পঢ়কঃমন্ত্ৰী সঞ্জয় কৃষাণৰ বিৰুদ্ধে উঠিল আত্মীয়ক চৰকাৰী চাকৰিত সংস্থাপিত কৰাৰ অভিযোগ
অনাগত দিনত 0-১৮ বছৰৰ সকলকো কোভিড ভেকচিন প্ৰদান কৰা হ’ব। শিশু সকলৰ বাবে কোভিড ভেকচিনৰ ট্ৰায়েল চলি আছে। নেজল ভেকচিনত ওপৰত পৰীক্ষা চলি আছে। যি ভেকচিন নাকৰ ছিদ্ৰৰে দিয়া হ’ব।
আনহাতে, দেশত মেডিকেল অক্সিজেন উৎপাদন পূৰ্বতকৈ ১০ গুণ বৃদ্ধি কৰা হয়। কোৰোনাৰ দ্বিতীয় ঢৌৰ সময়ত এপ্ৰিল-মে’ মাহত অক্সিজেনৰ প্ৰয়োজনীয়তা অকল্পনীয়ভাৱে বৃদ্ধি পাইছে।
আনহাতে, দীপাৱলীলৈকে ৮০ কোটি ভাৰতীয়ক প্ৰধানমন্ত্ৰীৰ গৰিব অন্ন কল্যান যোজনাৰ অধীনত বিনামূলীয়া ৰেচন প্রদান কৰা হ’ব বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।