নিউজ ডেস্ক- দুদিনীয়া ভ্ৰমণ সূচীৰে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাংলাদেশলৈ যাত্ৰা কৰে।
প্ৰধানমন্ত্ৰী গৰাকীৰ আগমণক লৈ ঢাকাত বিশেষ প্ৰস্তুতি আৰম্ভ হৈছে।
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ঢাকা বিমানবন্দৰত নৰেন্দ্ৰ মোডীক আদৰণি জনায়।
প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি সন্ধিয়া ঢাকাত অনুষ্ঠিত বাংলাদেশৰ সোণালী জয়ন্তীৰ বিশাল অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
কৰোনা ভাইৰাছৰ প্ৰাদুর্ভাৱৰ পিছত এইটো প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰথম আন্তৰ্জাতিক ভ্ৰমণ।
প্ৰধানমন্ত্ৰী মোডীয়ে ২৬ আৰু ২৭ মাৰ্চত বাংলাদেশৰ কেইবাটাও মন্দিৰপৰিদৰ্শন কৰিব।
২৭মাৰ্চত প্ৰধানমন্ত্ৰীগৰাকীয়ে বঙ্গবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।