নিউজ ডেস্কঃ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ চহৰসমূহ আৰু সীমান্তৱৰ্তী এলেকাসমূহত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক স্বদেশলৈ ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰে পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে। এই সমগ্ৰ উদ্ধাৰ অভিযানৰ ওপৰত বিশেষ দৃষ্টি ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, অপাৰেশ্যন গংগাৰ অধীনত ভাৰতীয় নাগৰিকসকলক ইউক্ৰেইনৰ পৰা ভাৰতলৈ ঘূৰাই অনাৰ বাবে এই উদ্ধাৰ অভিযানৰ সৈতে ভাৰতীয় বায়ু সেনাকো জড়িত হ’বলৈ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ভাৰতীয় বায়ু সেনাই গংগা অপাৰেশ্যনৰ সৈতে জড়িত হৈ পৰিলে এই উদ্ধাৰ অভিযানৰ গতি আৰু অধিক বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমানখন আজি এই উদ্ধাৰ অভিযানৰ বাবে উৰা মৰাৰ সম্ভাৱনা আছে। আজি দিনৰ ভাগত বিমান যোগে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলক ঘূৰাই অনা হ’ব।
ইয়াৰ ভিতৰত ৰোমানিয়াৰ ৰাজধানী বুখাৰেষ্টৰ পৰা দুখন বিমান আৰু হাংগৰীৰ পৰা এখন বিমান উৰা মাৰিব বুলি জানিব পৰা গৈছে। উল্লেখ্যে যে, বৰ্তমানলৈ ১৯২২জন ভাৰতীয় নাগৰিকক ঘূৰাই অনা হৈছে।