নিউজ ডেস্ক: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে টকিঅ’ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে দেশ দুখনৰ মাজৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ এখন বৈঠকত মিলিত হয়।
উক্ত বৈঠকত নেতা দুগৰাকীয়ে দুয়োখন দেশৰ মাজত থকা বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, প্ৰতিৰক্ষা তথা সাধাৰণ লোকৰ মাজত পাৰস্পৰিক সম্পৰ্ক আদি শক্তিশালী কৰাকলৈ আলোচনা কৰে।
কোৱাড ৰাষ্ট্ৰ (অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ) কেইখনৰ নেতাসকলে চতুৰ্থবাৰৰ বাবে একেলগে আৰু দ্বিতীয়বাৰৰ বাবে ব্যক্তিগতভাৱে লগ ধৰাৰ পিছতে অনুষ্ঠিত হয় এই বৈঠক।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে টুইটাৰৰ জৰিয়তে সদৰী কৰে এই কথা।
উল্লেখযোগ্য যে সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে জাপানৰ টকিঅ’ত অনুষ্ঠিত হৈছে কোয়াড সামিট। উক্ত সামিটত ভাৰত আৰু প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ জলবায়ু পৰ্যবেক্ষণ, ইণ্ডো-পেসিফিক অঞ্চলত এটা ডি-কাৰ্বনাইজড গ্ৰিন শিপিং নেটৱৰ্ক তৈয়াৰ কৰা আদি বিষয় সমূহৰ ওপৰত আলোচনা কৰা হয়।
লগতে পঢ়ক – ডনবস্ক’ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক আটক কৰিছে আৰক্ষীয়ে