নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্মৃতিশক্তি প্ৰখৰ। প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবাৰ স্বাধীনতা দিৱসৰ দিনটোত পুনৰ এবাৰ সেই বিশেষ গুণটো প্ৰমাণ কৰিছে।
আজি ভাৰতে স্বাধীনতা লাভ কৰা ৭৫ তম বাৰ্ষিকী উদযাপন কৰা হৈছে। এই দিনটো বিশেষ কৰি তুলিবলৈ যোৱা এবছৰ ধৰি সমগ্ৰ দেশতে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰা হৈছে। আজি লালকিল্লাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত টেলিপ্ৰম্পটাৰ অবিহনে ডেৰ ঘণ্টাৰ ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁৰ হাতত কেৱল এখন কাগজ আছিল। কিন্তু প্ৰত্যেকবাৰে সেই কাগজখন চাবলগীয়া হোৱা নাছিল । কাৰণ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণত নিজস্বতা বজাই ৰাখিবলৈ পছন্দ কৰে। সেইকাৰণে তেওঁ আজিৰ অনুষ্ঠানত টেলিপ্ৰম্পটাৰ ৰখা নাছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰিধান কৰা পোছাকযোৰো অলপ বিশেষ আছিল। প্ৰতি বছৰে স্বাধীনতা দিৱসৰ অনুষ্ঠানতেই হওঁক বা আন যিকোনো অনুষ্ঠানেই হওঁক প্ৰধানমন্ত্ৰীগৰাকীৰ পোছাকৰ কিছু বিশেষত্ব থাকে। কেতিয়াবা গেৰুৱা কাপোৰ, কেতিয়াবা ৰাজ্যৰ পৰম্পৰাগত পোছাকত তেওঁক দেখা যায়।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে নিজেই উল্লেখ কৰে যে তেওঁ অনুষ্ঠানটোৰ সৈতে সামঞ্জস্য ৰাখি পোছাক পৰিধান কৰি ভাল পায়। আজিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত তেওঁক এটা বগা কুৰ্তা আৰু নীলা ৰঙৰ হাফ কোটত দেখা গৈছিল। মূৰত আছিল ত্ৰিৰংগা ৰঙৰ পাগুৰি।