নিউজ ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে হিমাচল প্ৰদেশৰ উনা ৰে’ল ষ্টেচনৰ পৰা দেশৰ চতুৰ্থ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ শুভাৰম্ভ কৰে। ৰেলখন হিমাচল প্ৰদেশৰ অম্ব আন্দাউৰাৰ পৰা নতুন দিল্লীলৈ চলিব।

নতুন বন্দে ভাৰত ৰেলখন পূৰ্বৰ তুলনাত যথেষ্ট কম সময়ৰ ভিতৰত দ্ৰুতগতিত লক্ষ্যস্থানত উপনীত হ’ব।ৰেলখন বুধবাৰৰ বাহিৰে সপ্তাহত ছয়দিন চলিব।

মাত্ৰ ৫২ ছেকেণ্ডত প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ বেগত গতি কৰে। ৰেলখনৰ চলাচলে অঞ্চলটোত পৰ্যটনৰ উন্নয়নত সহায় কৰিব ।

এই অনুষ্ঠানত উপস্থিত হোৱাৰ পূৰ্বে উনাৰ পেখুবেলা হেলিপেডত প্ৰধানমন্ত্ৰীগৰাকীক হিমাচলৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে আদৰণি জনায়।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ দুখন জিলাত বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ পিছত উনা আৰু চম্বা জিলাত দুখনকৈ ৰাজহুৱা সভাতো অংশ ল’ব।

বিগত পাঁচবছৰৰ ভিতৰত প্ৰধানমন্ত্ৰীগৰাকীৰ হিমাচল প্ৰদেশলৈ নৱমতম ভ্ৰমণ। উল্লেখ্য যে,  হিমাচল প্ৰদেশত এই বছৰৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply