নিউজ ডেস্ক: বিশ্ব ফুটবলৰ নিয়ন্ত্ৰক সংস্থা (FIFA)-এ কিংবদন্তি ভাৰতীয় ফুটবলাৰ সুনীল ছেত্ৰীৰ জীৱনক লৈ নিৰ্মাণ কৰা তিনিটা খণ্ডৰ ধাৰাবাহিক ‘কেপ্তেইন ফেণ্টাষ্টিক’ৰ ৰিলিজৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ফুটবলাৰ গৰাকীক অভিনন্দন জনায়।
ধাৰাবাহিকখনৰ বাবে ছেত্ৰীক অভিনন্দন জনাই প্ৰধান মন্ত্ৰী মোদীয়ে টুইট কৰি কয়, ‘‘খুব ভাল সুনীল ছেত্ৰী! ইয়াৰ ফলত ভাৰতত ফুটবলৰ জনপ্ৰিয়তা নিশ্চিতভাৱে বৃদ্ধি পাব।’
ফিফাই যোৱা মঙলবাৰে সুনীল ক্ষেত্ৰীৰ জীৱন আৰু কেৰিয়াৰক লৈ ‘কেপ্তেইন ফেণ্টাষ্টিক’শীৰ্ষক ধাৰাবাহিকখন মুক্তি দিয়ে। ছেত্ৰীৰ কেৰিয়াৰ আৰু জীৱনৰ ওপৰত নিৰ্মাণ কৰা উক্ত ধাৰাবাহিকখন ফিফাৰ ষ্ট্ৰীমিং প্লেটফৰ্মত উপলব্ধ বুলি উল্লেখ কৰি ধাৰাবাহিকখনে ভাৰতত ফুটবলৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব বুলি ফিফাই আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় ফুটবলত তৃতীয় সৰ্বাধিক গ’ল স্কৰ কৰা ছেত্ৰীৰ সম্পৰ্কে ফিফা বিশ্বকাপৰ টুইটাৰত টুইট কৰি কয়, ‘‘আপোনালোকে ৰোনাল্ডো আৰু মেছিৰ বিষয়ে সকলো জানে, এতিয়া ৩য় সৰ্বাধিক গ’লদাতা সক্ৰিয় আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ সুনীল ছেত্ৰীৰ বিষয়ে জানক। কেপ্তেইন ফেন্টাষ্টিক এতিয়া ফিফাত উপলব্ধ।‘’
লগতে পঢ়ক – হোজাই জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তক নিলম্বন