নিউজ ডেস্কঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে নতুন দিল্লীত উপস্থিত ইজিপ্তৰ ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰ খনৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচি বুধবাৰে দুয়োখন দেশৰ চাইবাৰ নিৰাপত্তা, সংস্কৃতি, তথ্য প্ৰযুক্তি আদি বিষয়ক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক বৈঠকত মিলিত হয়।
বৈঠকৰ পিছতেই এক যুটীয়া সংবাদ মেল সম্বোধন কৰি মোদীয়ে কয় যে, সন্ত্ৰাসবাদ হৈছে মানৱ সমাজৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক ভয়াবহ ভাবুকি, যাৰ বাবে দুয়োখন দেশে সন্ত্ৰাসবাদক লৈ চিন্তিত।
লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, দুয়োখন ৰাষ্ট্ৰই প্ৰতিৰক্ষা উদ্যোগসমূহৰ মাজত সহযোগিতা স্থাপন কৰি অধিক শক্তিশালী কৰাৰ লগতে সন্ত্ৰাসবাদ বিৰোধী তথ্য আদান-প্ৰদান বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰোপৰি অহা পাঁচ বছৰত দুয়োখন ৰাষ্ট্ৰই দ্বিপাক্ষিক বাণিজ্যৰ বাবে ১২ বিলিয়ন ডলাৰলৈ লৈ বিনিয়োগ কৰা হ’ব বুলি মোদীয়ে জানিবলৈ দিয়ে।
ইফালে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচিয়েও সংবাদ মেলত কয় যে, ইজিপ্তত ভাৰতীয় কোম্পানীৰ বিনিয়োগ বৃদ্ধিৰ বাবে মোদীৰ সৈতে আলোচনা কৰা হৈছে, কাৰণ ভাৰতত যথেষ্ট বিনিয়োগৰ সুযোগ উপলব্ধ আছে আৰু অনাগত দিনত ইজিপ্ত আৰু ভাৰতৰ মাজত প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰা হ’ব বুলি জনায়।
উল্লেখ্যযোগ্য যে, ৰাষ্ট্ৰপতি চিচি ভাৰতৰ ৭৪ তম গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাষ্ট্ৰপতি চিচিক বুধবাৰে ৰাতিপুৱা ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক আদৰণি জনোৱা হয়। অনুষ্ঠানটোত ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মু, প্ৰধানমন্ত্ৰী মোডী লগতে আন কেইবাজনো নেতা উপস্থিত থাকে।