নিউজ ডেস্ক: দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত হৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। কোয়াড (Quad) সামিটত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে জাপানত উপস্থিত হৈছে প্ৰধান মন্ত্ৰী মোদী।

২৩ আৰু ২৪ মে’ত টকিঅ’ত দুদিনীয়া কোয়াড কনফাৰেন্স অনুষ্ঠিত হৈছে। এই সময়খিনিত প্ৰধান মন্ত্ৰীয়ে ২৩খন বৈঠকত অংশগ্ৰহণ কৰিব। তেওঁ ৩৫ গৰাকী জাপানি চি ই অ’ আৰু প্ৰবাসী ভাৰতীসকলৰ সৈতেও আলোচনাত মিলিত হ’ব।

উল্লেখযোগ্য যে জাপানৰ প্ৰধান মন্ত্ৰী ফুমিও কিশিদাৰ আমন্ত্ৰণমৰ্মে কোয়াড সামিটত ভাগ লোৱা মোদীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন, জাপানৰ প্ৰধান মন্ত্ৰী ফুমিও কিশিদা আৰু অষ্ট্ৰেলিয়াৰ নতুন প্ৰধান মন্ত্ৰী এণ্টনী এলবানিছৰ লগত দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব।

এই কনফাৰেন্সত ভাৰত আৰু প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ জলবায়ু পৰ্যবেক্ষণ, ইণ্ডো-পেসিফিক অঞ্চলত এটা ডি-কাৰ্বনাইজড গ্ৰিন শিপিং নেটৱৰ্ক তৈয়াৰ কৰা আদি বিষয়েও আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক – মাদ্ৰাছা শব্দটো নোহোৱা হ’ব লাগে; আৰ এছ এছৰ সভাত মুখ্য মন্ত্ৰীৰ মন্তব্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply