ইণ্ডিয়ান মেডিকেল এচ’চিয়েশ্যনৰ উপ-সভাপতি ডাঃ নবজোট দহিয়াই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘ছুপাৰ স্প্ৰেডাৰ’ আখ্যা দিছে।
দ্যা ট্ৰিবিউনত প্ৰকাশিত এক বাতৰি মতে ক’ভিডৰ দ্বিতীয়টো ধৌৱে দেশত সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত বৃহৎ নিৰ্বাচনী ৰেলী পতা আৰু কুম্ভমেলা অনুষ্ঠিত কৰিবলৈ দিয়াৰ বাবে প্ৰধান মন্ত্ৰী গৰাকীক ডাঃ দহিয়াই জগৰীয়া কৰে।
‘যি সময়ত চিকিৎসাকৰ্মীসকলে জনসাধাৰণক বাধ্যতামূলক ক’ভিড নিয়মাৱলীসমূহ মানি চলিবলৈ বাৰম্বাৰ কৈ আহিছিল প্ৰধান মন্ত্ৰী গৰাকীয়ে ইয়াৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰি বিশাল নিৰ্বাচনী ৰেলী সম্বোধন কৰি ফুৰিছিল।‘ তেওঁ কয়।
আৰু পঢ়কঃক’ভিড পৰিস্থিতি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কেইবাটাও প্ৰশ্ন কেন্দ্ৰীয় চৰকাৰলৈ
দেশৰ বিভিন্ন ৰাজ্যত অক্সিজেনৰ অভাৱত বহু লোকে প্ৰাণ হেৰুৱাবলগা পৰস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰক জগৰীয়া কৰি তেওঁ কয়, ‘বহু কেইটা অক্সিজেন প্লাণ্ট স্থাপনৰ প্ৰকল্প কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতিৰ অপেক্ষাত ৰখি আছে যদিও মোদী চৰকাৰে এই ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব দিয়া নাই। ‘ পৰিস্থিতিৰ ইমান অৱনতি ঘটাৰ পিছতো কুম্ভমেলা, নিৰ্বাচনী ৰেলী আদি চলি থাকিবলৈ দিয়া মোদী চৰকাৰৰ ক’ভিড মহামাৰী ৰোধ কৰাৰ প্ৰতি কিমান সদিচ্ছা আছে সেই সম্পৰ্কে প্ৰশ্নৰ অৱতাৰণা কৰে বুলিও তেওঁ মন্তব্য কৰে।