নিউজ ডেস্ক– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে “কোৱাড সন্মিলন”ত অংশ ল’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছত জ’ বাইডেনৰ লগত প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথমটো অনলাইন সন্মিলন। উক্ত সন্মিলনত জাপানৰ প্ৰধানমন্ত্ৰী ইওশিহিদে সুগা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচনে অংশ ল’ব। চাৰিওখন দেশে চীনৰ প্ৰভাৱৰ বিৰুদ্ধে নিজৰ নিজৰ ৰণনীতিৰ ওপৰত আলোচনা কৰিব। শেহতীয়া ভাবে চীনে ভাৰত, অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক উত্তেজনাপূৰ্ণ হৈ আছে। বিগত কিছু বছৰ ধৰি চীনে এই চাৰিখন দেশৰ লগত সংঘৰ্ষত লিপ্ত হৈ আহিছে।
এই কথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিব দিয়ে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচনে কয় যে, “মোৰ পূৰ্বতেও ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ইওশিহিদে সুগাৰ লগত এই সন্দৰ্ভত দ্বিপাক্ষিক আলোচনা হৈছিল। এই ক্ষেত্ৰত আৰু অধিক আলোচনা কৰিবলৈ বিচাৰিছো।’’
এই বৈঠক কেতিয়ালৈকে অনুষ্ঠিত হ’ব এই সন্দৰ্ভত একো ঘোষণা কৰা নাই।
শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক
শেহতীয়াকৈ ভাৰত, অষ্ট্ৰেলিয়া, জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে চীনৰ উত্তেজনাপূৰ্ণ সম্পৰ্ককলৈ আলোচনা কৰিব চাৰিওখন দেশে
