নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ‘জন সমৰ্থ’ পৰ্টেল। পৰ্টেলটো মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে- এই পৰ্টেলৰ জৰিয়তে অধিক লোক ঋণ ল’বলৈ আগবাঢ়ি আহিব। কাৰণ ভাৰত চৰকাৰে সকলো ক্ৰেডিট লিং স্কীম এতিয়া এইটো পৰ্টেলতে উপলব্ধ কৰাইছে।
লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়- ”ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, কৃষকসকলৰ জীৱনত সুবিধা হ’ব। এতিয়াৰ পৰা শিক্ষাৰ্থীসকলেও জানিব পাৰিব যে, চৰকাৰৰ কি কি আঁচনিৰ অধীনত তেওঁলোক লাভৱান হ’ব পাৰিব।”
”এই পৰ্টেলৰ জৰিয়তে যুৱপ্ৰজন্মই মুদ্ৰা ঋণৰ পৰা ষ্টাৰ্টআপ ঋণলৈকে সকলো তথ্য লাভ কৰিব। দেশৰ যুৱক-যুৱতীসকল, মধ্যবিত্তৰ লোকসকলে এণ্ড টু এণ্ড ডেলিভাৰীৰ এখন মঞ্চ লাভ কৰিব। ইয়াৰ দ্বাৰা দেশৰ যুৱপ্ৰজন্ম স্বাৱলম্বী হোৱাত সহায় হ’ব।”- বুলিও ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।