নিউজ ডেস্ক- আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকীত উৎসৰ্গিত অমৃত মহোৎসৱ সম্পৰ্কীয় অনুষ্ঠানৰ শুভৰাম্ভ কৰে।
স্বাধীনতাৰ অমৃত উৎসৱ সম্পৰ্কীয় কেইবাটাও সাংস্কৃতিক আৰু ডিজিটেল অনুষ্ঠান উদ্বোধন কৰাৰ লগতে সবৰমতী আশ্ৰমত উপস্থিত লোক সকলক সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা অনুষ্ঠানবোৰৰ ভিতৰত আছে স্বাধীনতাৰ ৭৫ বছৰৰ ওপৰত আধাৰিত কৰি চলচ্চিত্ৰ, ৱেবছাইট, গান, স্বাৱলম্বী চৰ্খা আৰু স্বাৱলম্বী ইনকিউবেটৰ।
প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা নৱসাৰীৰ দাণ্ডীলৈ এক পদযাত্ৰা মুকলি কৰে। প্ৰায় ২৪১ মাইলৰ এই যাত্ৰা ৫ এপ্ৰিলত অন্ত পৰিব।
৭৫ কিলোমিটাৰৰ এই পদযাত্ৰাৰ প্ৰথম পৰ্যায়ত নেতৃত্ব দিব কেন্দ্ৰীয় মন্ত্ৰী প্ৰহলাদ সিং পেটেলে।
এই পদযাত্ৰাত অংশ লয় ৮১জন পদযাত্ৰীয়ে।