নিউজ ডেস্ক: কোয়াড সামিটত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ বস্ত্ৰ কোম্পানি Uniqlo-ৰ মুখ্য কাৰ্য্যবাহী বিষয়া Tadashi Yanaiক সাক্ষাৎ কৰি ভাৰতত প্ৰতিষ্ঠানটোৰ বিনিয়োগ সম্পৰ্কে এক আলোচনাত মিলিত হয়।

বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে টুইট কৰি এই কথা সদৰী কৰে।

উক্ত আলোচনাত ভাৰতত Uniqlo-ৰ বৰ্ধিত চাহিদা আৰু পি এল আই আঁচনিৰ অধীনত বস্ত্ৰ খণ্ডত বিনিয়োগৰ সুবিধাসমূহৰ সম্পৰ্কে আলোচনা কৰা হয়।

প্ৰধান মন্ত্ৰী মোদীয়ে Yanaiক বস্ত্ৰ খণ্ডক শক্তিশালী কৰাৰ লক্ষৰে চৰকাৰে আৰম্ভ কৰা প্ৰধান মন্ত্ৰীৰ মিত্ৰ (PM MITRA) আঁচনিৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে ভাৰত চৰকাৰে PM Mega Integrated Textile Regions and Apparel (PM MITRA) পাৰ্ক আঁচনিৰ জৰিয়তে ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰে দেশত টেক্সটাইল পাৰ্ক নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

লগতে পঢ়ক – ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডাঞ্চৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply