নিউজ ডেস্কঃ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে এটা টুইট কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে কয় যে দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন লাভ কৰাৰ পিছত সমগ্ৰ ভাৰতৰ সকলো শ্ৰেণী লোকে প্ৰশংসা কৰিছে। নিপীড়িতসকলৰ সমস্যা আৰু ভাৰতৰ উন্নয়নৰ বিষয়ে তেওঁৰ মতামত উল্লেখযোগ্য।

উল্লেখ্য যে, দ্ৰৌপদী মুৰ্মু উৰিষ্যাৰ এগৰাকী বিজেপিৰ প্ৰাক্তন মন্ত্ৰী। তেওঁ ঝাৰখণ্ডৰ ৰাজ্যপালো আছিল। মঙলবাৰে বিজেপিৰ বৈঠকৰ পাছত দলৰ সভাপতি জে পি নাড্ডাই অনুসূচিত জনজাতি সম্প্ৰদায়ৰ দ্ৰৌপদী মুৰ্মুৰ নাম ঘোষণা কৰে। নাড্ডাই কয় যে এন ডি এৰ অংশীদাৰসকলৰ সৈতে হোৱা আলোচনাত ২০ জন লোক সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত আছিল। শেষত দ্ৰৌপদী মুৰ্মুৰৰ নাম সৰ্বসন্মতিক্ৰমে চূড়ান্ত কৰা হৈছে।

দ্ৰৌপদী মুৰ্মুৰ নাম ঘোষণা কৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে টুইট যোগে লিখে,’দ্ৰৌপদী মুৰ্মুয়ে সমাজ সেৱা আৰু দৰিদ্ৰ, নিপীড়িতৰ লগতে জনজাতীয় লোকসকলৰ সৱলীকৰণত নিজৰ জীৱন উচৰ্গা কৰিছে। প্ৰশাসনিক অভিজ্ঞতা সমৃদ্ধ আৰু ৰাজ্যপাল হিচাপে কাৰ্যকাল আছিল অসাধাৰণ।’ মোদীয়ে লগতে লিখে, ‘মোৰ বিশ্বাস তেওঁ আমাৰ দেশৰ এগৰাকী মহান ৰাষ্ট্ৰপতি হ’ব।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply