নিউজ ডেস্ক: আজি প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ জন্মদিন। এই উপলক্ষে প্ৰয়াত ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

কালামৰ ৯১ সংখ্যক জন্মদিন উপলক্ষে মোদীয়ে টুইট কৰি কয়, “এজন বিজ্ঞানী আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ সৈতে সম্পৰ্ক স্থাপন কৰা এজন ৰাষ্ট্ৰপতি হিচাপে দেশলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সমাদৃত।”

ভাৰতৰ এজন আগশাৰীৰ বিজ্ঞানী কালামে লিখি থৈ যোৱা কিতাপে পাঠকৰ পৰা, বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত, ব্যাপৰ সমাদৰ লাভ কৰিছিল। যুৱ প্ৰজন্মৰ প্ৰতি আগবঢ়োৱা পৰামৰ্শ আৰু তেওঁলোকৰ সৈতে সঘনাই মত –বিনিময় কৰা কালাম দেশৰ এগৰাকী অন্যতম জনপ্ৰিয় ৰাষ্ট্ৰপতি আছিল।

২০০২-০৭ চনৰ ভিতৰত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল আৰু ৰাষ্ট্ৰনেতা বুলি গণ্য কৰা হৈছিল। সৰ্বোচ্চ পদৰ দাবীয়ে মানুহৰ সৈতে, বিশেষকৈ, ছাত্ৰ-ছাত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ উদ্যমক ম্লান কৰা নাছিল, যিটো অভ্যাস তেওঁ কাৰ্যকাল শেষ হোৱাৰ পিছত বজাই ৰাখিছিল, সেয়েহে তেওঁক “জনপ্ৰধান ৰাষ্ট্ৰপতি” বুলিও কোৱা হৈছিল।

১৯৩১ চনৰ ১৫ অক্টোবৰ মাহত তামিলনাডুৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰা কালামৰ সম্পূৰ্ণ নাম আছিল আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম। তেওঁ ২০০২ চনৰ পৰা ২০০৭ চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত আছিল। দেশৰ মহাকাশ গৱেষণাক তেওঁ এক নতুন মাত্ৰা প্ৰদান কৰা কালামক ভাৰতৰ ‘মিছাইল মেন’ কোৱা হৈছিল।

লগতে পঢ়ক – আছু, আগছুৰ দখলত মাৰ্ঘেৰিটা কলেজ ছাত্ৰ একতা সভা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply